নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত উপস্থিত হৈছিল লোকগীতৰ সাধক কমল গগৈ, তথাপিও উৰুখা পঁজাতেই জীৱন কটাইছে অনাতাঁৰ শিল্পীগৰাকীয়ে

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই হাতত টোকাৰীখন লৈ এদিন ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত উপস্থিত হৈছিল মানুহজন। আজীৱন লোকগীতৰ সাধনা কৰি অহা কমল গগৈয়ে ১৯৭৩ চনতে অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। সুমধুৰ কণ্ঠেৰে টোকাৰী গীত গাই শ্ৰোতাৰ মন জয় কৰা শিল্পীগৰাকীৰ বয়স এতিয়া ৭৬ বছৰ।

ডিমৌ সমষ্টিৰ বকতা চৰাল পথাৰ গাঁৱৰ নিবাসী কমল গগৈৰ স্বাস্থ্য বৰ্তমান ভালে আছে যদিও আৰ্থিক অৱস্থা তেনেই শোচনীয়। লোকগীতৰ সাধনাৰে জীৱনৰ অধিকাংশ সময় অতিবাহিত কৰা শিল্পীগৰাকীয়ে আজিও বসবাস কৰে এটা উৰুখা পজাত। কোনোমতে দুবেলা দুমুঠি খাই পত্নী অমিয়া গগৈৰ সৈতে জীৱন নিৰ্বাহ কৰি আহিছে তেওঁ।

শিল্পী হিচাপে স্বীকৃতি লাভ কৰিলেও আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন। ২০২৪-২৫ বৰ্ষত এবাৰলৈ এককালীন শিল্পী সাহায্য লাভ কৰিছিল কমল গগৈয়ে। কিন্তু সেই সামান্য সাহায্যই দম্পতীটোৰ দীৰ্ঘদিনীয়া আৰ্থিক অনাটন দূৰ কৰিব নোৱাৰিলে।

এই বয়সত চৰকাৰৰ পৰা নিয়মীয়া শিল্পী পেন্সন লাভ কৰি কিছু সকাহ পোৱাৰ আশাৰে এইবাৰো অনলাইনযোগে আবেদন কৰিবলৈ যো-জা চলাইছে শিল্পীগৰাকীয়ে। কিশোৰ কালৰ পৰাই টোকাৰী গীতেৰে অসমীয়া লোকসংস্কৃতিক সমৃদ্ধ কৰি অহা এগৰাকী ৭৬ বছৰীয়া অনাতাঁৰ শিল্পীয়ে যদি আজিও আৰ্থিক অনাটনৰ মাজত উৰুখা পজাত জীৱন কটাবলগীয়া হয়, তেন্তে আজীৱন লোকসংস্কৃতিৰ সাধনা কৰা শিল্পীসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...