মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW দুৰ্ঘটনাগ্ৰস্ত হৈ দলঙৰ পৰা তললৈ বাগৰি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। আন এজন লোক গুৰুতৰভাৱে আহত হয়।

ক’লা ৰঙৰ BMWখন মেৰিন ড্ৰাইভৰ পৰা হাজী আলীৰ দিশে গৈ আছিল। অভিযোগ অনুসৰি, গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে দলঙৰ কাষৰ দেৱালত খুন্দা মাৰে আৰু লগে লগে দলঙৰ পৰা তললৈ বাগৰি পৰে। সেই সময়ত তলৰ অঞ্চলটোত গাড়ী পাৰ্কিঙৰ কাম চলি আছিল।

গাড়ীখনত থকা ৪জন লোকক ততাতৈয়াকৈ নায়াৰ হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে তাৰে ৩জনক হাস্পতালত উপস্থিত হোৱাৰ সময়তে মৃত ঘোষণা কৰে। ২৩ বছৰীয়া আদিত্য কাল্পেশ্বৰ ওছৱালক ট্ৰমা ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকটজনক।

মৃত তিনিজনক ক্ৰমে ২১ বছৰীয়া শনায় গজ্জল, ১৭ বছৰীয়া ধৈৰ্য দৰ্শন শেঠ আৰু ১৯ বছৰীয়া আদিত্য জাকাসনিয়া বুলি চিনাক্ত কৰা হৈছে।

কোষ্টেল ৰোড নিয়ন্ত্ৰণ কক্ষই পুৱা প্ৰায় ৫:২০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে।

দুৰ্ঘটনাটোৰ ভয়াৱহতা গাড়ীখনৰ বিস্তৰ ক্ষয়ক্ষতিৰ পৰাই স্পষ্ট হয়। BMWখন দলঙত ওলমি থকা এখন ছাইনব’ৰ্ড ভাঙি তললৈ খহি পৰে। দুৰ্ঘটনাটো সঠিকভাৱে কেনেকৈ সংঘটিত হ’ল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে, ৩ ছেপ্টেম্বৰত, মুম্বাই আৰক্ষীয়ে কোষ্টেল ৰোডৰ সুৰংগত তীব্ৰগতিত গাড়ী চলোৱাৰ অভিযোগত প্ৰায় ৭খন ছুপাৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ইয়াৰ ভিতৰত এখন Lamborghini, BMW M2 আৰু BMW Z4 আছিল। অসাৱধানতাৰে গাড়ী চলোৱা আৰু মানুহৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰাৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ২৮১ আৰু ১২৫ৰ অধীনত গোচৰসমূহ ৰুজু কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...