অসমৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সম্বৰ্ধনা

গুৱাহাটী, ২০ জুন, NKTV: অসম চৰকাৰৰ নৱ নিযুক্ত মহাধিবক্তা ৰাজ্যৰ বিশিষ্ট আইনবিদ তথা ক্রীড়া সংগঠক দেৱজিত শইকীয়া(লন)ক আজি তেওঁৰ বাসগৃহত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ প্ৰথমটো ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰশিক্ষক তথা সম্পাদক নবাব আলী, কোষাধ্যক্ষ মুকোবুদ্দিন আহমেদ, বিশ্বজিত চৌধুৰী, গৌতম শৰ্মা প্ৰমুখ্যে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ববীয়াসকলে আজি গুৱাহাটীস্থিত শইকীয়াৰ বাসগৃহত উপস্থিত হৈ তেওঁক এখন ফুলাম গামোচা, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপাৰে তেওঁৰ নতুন কৰ্মজীৱনৰ প্ৰতি শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে। অনাগত সময়ছোৱাত অসম ক্ৰিকেট সন্থাৰো সম্পাদকৰ দায়িত্বত থকা শইকীয়াৰ নেতৃত্বত অসমৰ ক্ৰিকেটৰ সৰ্বাংগীন উন্নয়নৰ লগতে ৰাজ্যৰ মহাধিবক্তা হিচাবেও তেওঁৰ কৰ্মময় জীৱন সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰে জি চি চি চিৰ প্রতিনিধিবৰ্গই। উল্লেখযোগ্য যে দেৱজিত শইকীয়া গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে জন্মলগ্নৰে পৰা জড়িত আৰু এই প্ৰশিক্ষণ কেন্দ্ৰত থকাৰ সময়তে তেওঁৰ অসমৰ হৈ ৰঞ্জী অভিষেক ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...