বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত কলাগুৰু বিষ্ণুৰাভা দিৱস পালন

গুৱাহাটী, ২০ জুন, NKTV: সমগ্ৰ ৰাজ্যৰ লগতে আজি বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰতো ৰামসৰস্বতী সাহিত্য সভাই ৫২সংখ্যক কলাগুৰু বিষ্ণুৰাভাৰ স্মৃতি দিৱস উদযাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছব্বিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰে। উল্লেখযোগ্য যে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিদিৱসৰ লগত সংগতি ৰাখি “ৰামসৰস্বতী সাহিত্য সভা,ছমৰীয়া সত্ৰ”ৰ উদ্যোগত “কলহীৰ চিঞৰ” শীৰ্ষক এখনি ছপা আলোচনী শুভ উন্মোচন কৰা হয়। উল্লেখ্য যে, ৰাম সৰস্বতী সাহিত্য সভাৰ এই ক্ষুদ্ৰ প্ৰয়াসে সমূহ পাঠক-পাঠিকা সকলৰ লগতে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হ’ব।অনাগত দিনত এনেদৰে আৰু দুখোজ আগবাঢ়ি যাবলৈ অসমবাসী ৰাইজৰ সহায়-সহযোগিতা উদ্যোক্তা সমিতিয়ে কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...