পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ

জাৰ্মানীৰ বিপক্ষে দুটাকৈ আত্মঘাতী গ’ল
জাৰ্মান বাহিনীৰ হাতত ৪-২ গলত পৰাস্ত পৰ্তুগাল
পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ
তাৰকাসমৃদ্ধ ফ্ৰান্সৰ বিপক্ষে হাংগেৰীৰ চমক

গুৱাহাটী, ২০ জুন, NKTV: ইউৰো কাপত গ্ৰুপ অৱ ডেথৰ খেল মানেই অধিক ৰোমাঞ্চ, ফুটবলৰ উন্মাদনা। জাৰ্মানী, ফ্ৰান্স,পৰ্তুগাল কোন প্ৰৱেশ কৰিব নক আউটত সেয়া এতিয়াও কৌতুহলৰ আৱৰ্তত। দেওবাৰে টুৰ্ণামেণ্টৰ প্ৰথমখন খেলত ফ্ৰান্সৰ বিৰুদ্ধে হাংগেৰীৰ চমকপ্ৰদ খেল। এমবাপ্পে,বেনজেমাৰ দৰে তাৰকাক বান্ধি ৰাখিলে হাংগেৰীৰ ডিফেণ্ডাৰে।অতিৰিক্ত সময়ত হাংগৰীৰ আটিলা ফিঅলাৰ গলেৰে অগ্ৰগতি। ইয়াৰ ২৫ মিনিট সময় অতিক্ৰম কৰাৰ পিছত গ্ৰীজমেনৰ গলেৰে শেষ ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ। হাংগেৰীৰ চমকৰ অন্ত পৰাৰ লগে লগে আন এখন হাইভল্টেজ মেচ।

সমুখ সমৰত জাৰ্মানীৰ বিৰুদ্ধে নামিল পৰ্তুগাল
খেলৰ আৰম্ভণিতে ৰ’নাল্ডৰ বিস্ময়কৰ দুভৰিৰ কলাত দিশহাৰা জাৰ্মান ডিফেণ্ডাৰ
১৫ মিনিটত ৰনাল্ডৰ দৰ্শনীয় গ’ল
কিন্তু মহাতৰকাৰ পৰিশ্ৰমত আউল লগালে সতীৰ্থ ডিফেণ্ডাৰে

ৰবেন ডিয়াছ,ৰাফেল গুৱেৰোৰ দুটাকৈ আত্মঘাতী গলেৰে অগ্ৰগতি ললে জাৰ্মানীয়ে। এয়াই আছিল মেচখনৰ টাৰ্ণিং পইণ্ট। দ্বিতীয়াৰ্ধত অধিক আক্ৰমনাত্মক হৈ উঠিল জাৰ্মান শিবিৰ। তচনচ কৰিলে পৰ্তুগালৰ ৰক্ষণ। বহুতক মনত পেলাই দিলে ব্ৰাজিলক বিশ্বকাপত কেনেদৰে অসহায় কৰিছিল জাৰ্মানীয়ে। শনিবাৰেও যেন তাৰেই পুনৰাবৃত্তি। কে হাভাৰ্টজ, ৰবিন গোছেনৰ দুটাকৈ উপৰ্যুপৰি গলেৰে নিশ্চিত পৰাজয়ৰ দিশলৈ ঠেলি দিলে পৰ্তুগালক। শেষৰ ফালে পৰ্তুগালৰ হৈ ডিয়োগো জটাৰ সন্তুষ্টিৰ গ’ল। পৰ্তুগালৰ জয় আৰু জাৰ্মানীৰ পৰাজয়ৰ পিচত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ থাকিব কেৱল ইউৰো কাপৰ এফ গ্ৰুপত। ইফালে পুনৰ ড্ৰ খেলিলে স্পেইনে। পোলেণ্ডৰ বিপক্ষে ১-১ গলত ড্ৰ খেলে স্পেইনে। নক আউটত প্ৰৱেশৰ বাবে গ্ৰুপৰ অন্তিম মেচত স্পেইনৰ জয় অনিবাৰ্য,পৰাজয় মানেই টুৰ্ণামেন্টৰ পৰা বিদায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...