অসমত ‘মিনি পৰ্টুগাল’!

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ বন্দাশিল এলেকাত পর্তুগীজ লোকৰ এক বসতিস্থল আছে। ২০০গৰাকী সদস্যৰে গঠিত প্রায় ৪০টা পৰিয়ালৰ এই লোকসকলে স্থানীয় কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হোৱা সত্ত্বেও পূৰ্বপুৰুষৰ বিশ্বাস আৰু পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে। তেওঁলোকে এতিয়াও পর্তুগীজ পৰম্পৰাগত বিভিন্ন ব্যঞ্জন যেনে বিবিয়া, ভিন্দালু আদি প্ৰস্তুত কৰাৰ লগতে পর্তুগীজ শৈলীত জুইত সেকি তৈয়াৰ কৰা কেক প্রস্তুত কৰে।

ৰোমান কেথলিক এই পর্তুগীজ সম্প্রদায়টোৱে আনুমানিক সপ্তদশ শতিকাৰ পৰা এই অঞ্চলত বসতি স্থাপন কৰা বুলি বিশ্বাস কৰা হয়। খ্ৰীষ্টমাছৰ আগদিনা ৰাতি ছেইণ্ট যোছেফ গির্জাৰ মধ্যৰাতিৰ সভা (Midnight Mass)ত তেওঁলোকে প্ৰাৰ্থনা কৰে। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ প্ৰাচীন গির্জাসমূহৰ ভিতৰত অন্যতম ছেইন্ট যোছেফ গির্জা ১৮৮০ চনত স্থাপন কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...