বিজেপিক ১ কোটি ভোট দি ৭০ টকাতে পাওক সুৰা : ৰাজ্যিক বিজেপিৰ সভাপতি

এইবাৰ ভোট বিচাৰি আজৱ প্ৰতিশ্ৰুতি দিলে বিজেপিয়ে। আগন্তুক নিৰ্বাচনত বিজেপিক ১ কোটি ভোট দিয়ক আৰু ৭০ টকাতে পাওক সুৰা। যদি অধিক ৰাজহ বাকী থাকে তেন্তে ৫০ টকাতে প্ৰদান কৰিব সুৰা। অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এক ৰেলীত অংশ লৈ বিজেপিৰ ছমু বীৰৰাজুৱে দিয়ে এই প্ৰতিশ্ৰুতি।

পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জগন মোহন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টী চৰকাৰক উৎখাত কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে। বিজয়ৱাড়াত অন্ধ্ৰ প্ৰদেশ বিজেপিয়ে আয়োজন কৰিছিল এক অনুষ্ঠানৰ য’ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰকাশ জাভড়েকাৰে ৰাজ্যখনৰ জনসাধাৰণক ২০২৪ চনত মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীনেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দুৰ্নীতিপূৰ্ণ আৰু ধ্বংসাত্মক শাসনৰ অৱসান ঘটাবলৈ আহ্বান জনাইছিল।

তেওঁ তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু ৱাইএছআৰচিপিক পৰিয়াল-প্ৰধান দল হিচাপে অভিহিত কৰে আৰু কয় যে দুয়োজনেই বৃহৎ দুৰ্নীতিত লিপ্ত।

ইফালে, বীৰাৰাজুৱে দাবী কৰে যে দুৰ্নীতিগ্ৰস্ত জগন চৰকাৰক পৰাস্ত কৰিবলৈ সক্ষম বিজেপি হৈছে একমাত্ৰ দল। তেওঁ কয়, আমি ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আত্মবিশ্বাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...