কাপুৰ পৰিয়ালত ক’ভিডৰ জাল, দুবাৰকৈ ক’ভিডত আক্ৰান্ত অৰ্জুন কাপুৰ, অংশুলা, ৰিয়া আৰু কৰণ বুলানিও ক’ভিড পজিটিভ

এবছৰৰ পিছত পুনৰ ক’ভিডত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰ। অৰ্জুন কাপুৰৰ লগতে সোনম কাপুৰৰ ভগ্নী ৰিয়া কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা কৰণ বুলানিও আক্ৰান্ত ক’ভিডত। অৰ্জুনৰ ভগ্নী অংশুলাৰ শৰীৰতো পোৱা গৈছে কভিড পজিটিভ।
অৰ্জুনক অলপতে কথিত প্ৰেয়সী মালাইকাৰ সৈতে কৰিশ্মা কাপুৰৰ খ্ৰীষ্টমাছ পাৰ্টীত দেখা গৈছিল।
ইফালে কভিডত আক্ৰান্ত অংশুলা কাপুৰৰ আজি ৩১সংখ্যক জন্মদিন। নিশা সকলোৱে জন্মদিন উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। অৰ্জুনে অংশুলাক জন্মদিনৰ শুভেচ্ছা জনাই এটা নৃত্যৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত। পোষ্টটোত অৰ্জুনে লিখিছিল- সদায়ে এগৰাকী উদাৰ ব্যক্তি হোৱা, প্ৰতিদিনে সৰ্বশ্ৰেষ্ঠ হোৱা। সদায় সুখী হোৱাৰ লগতে হাঁহি-মাতি থকাৰ লগতে মাকৰ কথা মনত ৰাখিবলৈ আহ্বান জনাইছিল। লগতে লিখিছিল- মই সদায় তোমাৰ সৈতে আছোঁ। শুভ জন্মদিন অংশুলা, আশা কৰোঁ এই বছৰ বিচৰা সকলোখিনি পূৰণ হ’ব! শেষত বহুত মৰম বুলি উল্লেখ কৰিছিল অৰ্জুন কাপুৰে।
মুম্বাইত অ’মিক্ৰন আৰু ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে শ্বুটিঙতো প্ৰভাৱ পৰিছে। ইতিমধ্যে মহাৰাষ্ট্ৰ ৰকাৰে নিশাৰ কাৰ্ফিউ ঘোষণা কৰিছে। এনে পৰিপ্ৰেক্ষিতত জনপ্ৰিয় কপিল শৰ্মা শ্ব’ৰ অনুষ্ঠানৰ বাবেও এসপ্তাহ থমকি ৰব লগা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...

মাজ আকাশত বিপত্তি! এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা মুম্বাই অভিমুখী বিমানত অসুস্থ যাত্ৰী

সোমবাৰে মুম্বাইলৈ উভতি অহাৰ পথত মাজ আকাশত, প্ৰায় ৩৫...