Googleৰ আসোঁৱাহ ধৰা পেলাই বঙাইগাঁৱৰ যুৱকে লাভ কৰিলে ৫০০০ মাৰ্কিন ডলাৰ

বঙাইগাঁৱৰ নতুনপাৰাৰ এজন যুৱক। নাম ৰণী দাস। চাইবাৰ সুৰক্ষা বিশেষজ্ঞ ৰণী দাসে প্ৰায় ছমাহ পূৰ্বে ছফটৱেৰ সংক্ৰান্তীয় কামৰ বাবে হেক কৰিছিল গুগলৰ চাৰ্ভাৰ। কিন্তু গুগলৰ এনড্ৰয়দ ১০ত ৰণীয়ে প্ৰত্যক্ষ কৰিছিল কেইবাটাও আসোঁৱাহ। যি আসোঁৱাহৰ বাবে যিকোনো ব্যক্তিৰ মোবাইল ফোনৰ কেমেৰা, মাইক্ৰফোন তথা স্থান তথা বেংকৰ সবিশেষ চাইবাৰ অপৰাধীয়ে হেক কৰি সমগ্ৰ তথ্য চুৰি কৰিব পাৰিব। যুৱকজনে এই বিষয়ে চলিত বৰ্ষৰ মে’ মাহতেই গুগল কৰ্তৃপক্ষক মেইলযোগে অৱগত কৰাত গুগল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ যুৱকজনে দেখুৱাই দিয়া ত্ৰুটি সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা কৰে। অৱশ্যে গুগলে Android 10ত এই ত্ৰুটিৰ সমাধান কৰিব পৰা নাযাব বুলি উল্লেখ কৰি গুগলৰ পৰৱৰ্তী Android 11 আৰু Android 12 Versionতহে সমাধান কৰিব পৰা যাব বুলি মেইলযোগে জনায়। চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰণী দাসে গুগলক কৰা এই সহযোগিতাৰ বিনিময়ত গুগল কৰ্তৃপক্ষই ৰণী দাসক $5000 মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাবত ৩,৭৮,২৪৫.৫০ টকা পুৰস্কাৰ হিচাবে আগবঢ়াব বুলি ইমেইল যোগে বৃহস্পতিবাৰে অৱগত কৰাত উৎফুল্লিত হৈ পৰে যুৱকজন ৷ উল্লেখ্য যে, কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ কোনো প্ৰতিষ্ঠানৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা ৰণী দাসে দীৰ্ঘদিন ধৰি চাইবাৰ সুৰক্ষাৰ বাবে বিভিন্ন কাম কৰি আহিছে। ব্যক্তিগত ছফটৱেৰ এটাৰ সুৰক্ষাৰ বাবেই গুগলৰ চাৰ্ভাৰ হেক কৰি বিচাৰি পাইছিল গুগলত থকা ত্ৰুটি। চাইবাৰ সুৰক্ষা বিশেষজ্ঞ ৰণী দাসে সম্প্ৰতি বাংগালোৰৰ এটি কোম্পানীত অনলাইনযোগে চাকৰি কৰি আছে।

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...