অক্ষয় কুমাৰৰ ‘বেল বটম’ত দুই অসম সন্তানৰ দপদপনি

পুনৰ বলীউডত জিলিকিছে অসম সন্তান

অক্ষয় কুমাৰৰ ‘বেল বটম’ত দুই অসম সন্তানৰ দপদপনি

অভিনয়-সংগীত পৰিচালনাৰে দৃষ্টি কাঢ়িছে চলচ্চিত্ৰ প্ৰেমীৰ

বেল বটমত সংগীত ব্যৱস্থাপনা অসমৰ শান্তনু দত্তৰ

আদিল হুছেইনৰো বলিষ্ঠ অভিনয় ‘বেল বটম’ত

কৰ’নাৰ দ্বিতীয় ঢৌৰ মাজতে ছবিগৃহত মুক্তি লাভ কৰা বলিউডৰ এখন ব্যয়বহুল ছবি ‘বেল বটম’। ৰঞ্জিত এম তিৱাৰীৰ দ্বাৰা পৰিচালিত ছবিখনত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনেও। অক্ষয় কুমাৰ অভিনীত ছবিখনত অভিনেত্ৰী লাৰা দত্তই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। বেল বটম মূলতঃ এখন স্পাই থ্ৰিলাৰ। এই ছবিখনৰ এটি জনপ্ৰিয় গীতৰ সংগীত ব্যৱস্থাপনাৰ  দ্বায়িত্বত আছিল অসমৰ শান্তনু দত্ত। KhairMangde শীৰ্ষক গীতটোত মিউজিক কম্প’জাৰ হিচাপে কাম কৰিছে শান্তনুৱে। গীতটো MALEআৰু FEMALE দুটা সংস্কৰণতে বানীবদ্ধ হৈছে। MALE VERSIONত দৰ্শন ৰাৱল আৰু FEMALE VERSIONত কন্ঠ নিগৰাইছে প্ৰতিভা সিং বাঘেলে।    

চলচ্চিত্ৰখনে মুক্তিৰ দিনাৰে পৰা বৰ্তমানলৈকে বক্স অফিচত প্ৰায় ২৪ কোটি টকা সংগ্ৰহ কৰিছে। ‘বেল বটম’ৰ কাহিনীটো এখন বিমানৰ হাইজেক আৰু যাত্ৰীসকলক উদ্ধাৰ কৰাৰ এক গোপন অভিযানৰ ওপৰত আধাৰিত। ছবিখনত হুমা কুৰেছি আৰু বাণী কাপুৰেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...