কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ৰত্নগিৰিৰ সঙ্গমেশ্বৰত আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে। সত্ৰ ন্যায়াধীশৰ এখন আদালতে তেওঁৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে।

নাৰায়ণ ৰাণেৰ গ্ৰেপ্তাৰৰ পিছত বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে এই কাৰ্যক প্ৰতিশোধমূলক আখ্যা দিছে। বিজেপি সভাপতি জে পি নাড্ডাইও কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰিছে।

এক টুইটযোগে তেওঁ কয় যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাটো সাংবিধানিক মূল্যবোধৰ উলংঘন। তেওঁ কয়, দলটোৱে জন-আশীৰ্বাদ যাত্ৰাত বৃহৎ সমৰ্থন লাভ কৰিছে যিয়ে প্ৰতিদ্বন্দীসকলক শংকিত কৰি তুলিছে। বিজেপিয়ে গণতান্ত্ৰিকভাৱে যুঁজ অব্যাহত ৰাখিব আৰু বিজয় যাত্ৰা অব্যাহত ৰাখিব, তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...