কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ৰত্নগিৰিৰ সঙ্গমেশ্বৰত আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে। সত্ৰ ন্যায়াধীশৰ এখন আদালতে তেওঁৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে।

নাৰায়ণ ৰাণেৰ গ্ৰেপ্তাৰৰ পিছত বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছে এই কাৰ্যক প্ৰতিশোধমূলক আখ্যা দিছে। বিজেপি সভাপতি জে পি নাড্ডাইও কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰিছে।

এক টুইটযোগে তেওঁ কয় যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাটো সাংবিধানিক মূল্যবোধৰ উলংঘন। তেওঁ কয়, দলটোৱে জন-আশীৰ্বাদ যাত্ৰাত বৃহৎ সমৰ্থন লাভ কৰিছে যিয়ে প্ৰতিদ্বন্দীসকলক শংকিত কৰি তুলিছে। বিজেপিয়ে গণতান্ত্ৰিকভাৱে যুঁজ অব্যাহত ৰাখিব আৰু বিজয় যাত্ৰা অব্যাহত ৰাখিব, তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...