অসম সীমান্তৰ পৰা আৰক্ষী শিবিৰ উঠাই নিব নাগালেণ্ডে

গুৱাহাটী, ৩১ জুলাই, NKTV: অসম-নাগালেণ্ড সীমা সমস্যাকলৈ মৰিয়নীত অসম আৰু নাগালেণ্ড প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে দুয়ো ৰাজ্যই সীমান্তৰ পৰা আৰক্ষী শিবিৰ উঠাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ মৰিয়নী মহাবিদ্যালয়ৰ সভাকক্ষত নাগালেণ্ডৰ মোককছাং জিলাৰ উপায়ুক্ত আৰু যোৰহাট জিলা উপায়ুক্তৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়,জানিব পৰা মতে এই বৈঠকত সীমান্তৰ পৰা দুয়োখন ৰাজ্যৰ আৰক্ষী প্ৰত্যাহাৰ কৰাৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হয়, ইয়াৰ পিছতে দুয়ো ৰাজ্যৰ প্ৰশাসনৰ দলটো দিচৈ সংৰক্ষিত বনাঞ্চললৈ গৈ সেই অঞ্চল পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, দুয়োখন ৰাজ্যৰ বিষয়া পৰ্যায়ত বুজাবুজি হৈ দিচৈ সংৰক্ষিত বনাঞ্চলত নতুনকৈ নিৰ্মাণ কৰা BOP সমূহ প্ৰত্যাহাৰ কৰা এইয়াই প্ৰথম ঘটনা। শেষত দুয়ো ৰাজ্যৰ প্ৰশাসনে দিচৈ সংৰক্ষিত বনাঞ্চলত দুয়ো ৰাজ্যৰ শিবিৰ তুলি দিয়াৰ প্ৰতীকী হিচাপে নাগালেণ্ড আৰু অসমৰ BOPৰ বেৰ উঠাই দি কৰমৰ্দন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...