মোৰ এতিয়াও খেলাৰ বয়স আছে: মেৰী কম

অলিম্পিকৰ পদক অবিহনে স্বদেশলৈ উভতিল মেৰী কম

প্ৰচণ্ড ক্ষোভ আৰু হতাশাত ভাৰাক্ৰান্ত খেলুৱৈ গৰাকী

অলিম্পিক কমিটিৰ বিৰুদ্ধে আনিলে মানসিক নিৰ্যাতনৰ অভিযোগ

বৈষম্যমূলক আচৰণ কৰাৰো অভিযোগ মেৰীৰ

টকিঅ’ অলিম্পিকত মহিলাৰ ফ্লাইৱেট প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ শনিবাৰে দিল্লীত উপস্থিত হয় মেগনিফিচেন্ট মেৰী। কলম্বিয়াৰ ইনগ্ৰিট ভেলেন্সিয়াৰ বিৰুদ্ধে নিকট যুঁজত পৰাজিত হোৱাৰ পিছত ভাৰতত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ক্ষোভ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰি-কোৱাৰ্টাৰ মেছখন আৰম্ভ হোৱাৰ এক মিনিট পূৰ্বে মেৰীৰ ৰিং ড্ৰেছ কিয় সলনি কৰিবলৈ কোৱা হ’ল বুলি অলিম্পিক কমিটিলৈ প্ৰশ্ন মেৰীৰ।

বাউটৰ আগতে বিষয়াজনে মোৰ ওচৰলৈ আহি কৈছিল যে আপুনি আপোনাৰ নিজৰ জাৰ্চি পিন্ধিব নোৱাৰে। প্ৰথমখন খেলত মই সেই জাৰ্চীটোৱে পিন্ধিছিলো আৰু কোনেও অভিযোগ কৰা নাছিল। তেওঁলোকে যদিহে মোৰ জাৰ্ছিটো পচন্দ নকৰে তেন্তে মোক আগতেই ক’ব লাগিছিল আৰু আমাৰ খেলৰ কিট পৰীক্ষা কৰা উচিত। এয়া একপ্ৰকাৰ মানসিক নিৰ্যাতন। তেওঁলোকে কেৱল মোৰ লগতহে এনে কিয় কৰিলে, আন দেশৰ খেলুৱৈক কিয় একো নক’লে।

শনিবাৰে ভাৰতলৈ উভতি অহাৰ পিছত মেৰীয়ে কয়, একো নোহোৱাকৈ ঘূৰি আহি মোৰ বেয়া লাগিছে। এটা পদক লৈ উভতি আহিব বিচাৰিছিলো। মই দেশবাসীৰ পৰা ভাবিব নোৱাৰা সমৰ্থন পাইছিলো। দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি মেৰীয়ে কয়, মই প্ৰথম দুটা ৰাউণ্ড জিকিছিলো, তাৰ পিছত মই কেনেকৈ পৰাজিত হ’ব পাৰোঁ। মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো। আনহাতে, বক্সিঙৰ পৰা অৱসৰ লোৱা প্ৰসংগতো মেৰীয়ে এক তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে- মোৰ এতিয়াও বয়স আছে। মই ৪০ বছৰলৈকে খেলিব পাৰিম।

অলিম্পিক কমিটিৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা ছয়বাৰৰ বিশ্ব চেম্পিয়ন গৰাকীৰ এই মন্তব্যৰ পিছত অলিম্পিক কমিটিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

NATIONAL DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...