RSSৰ কাৰ্যালয়লৈ কিয় গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ত সংগঠনটোৰ সৰ্বোচ্চ নেতা মোহন ভাগৱতক সাক্ষাৎ কৰে। এমাহ আগতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এয়া আছিল ড০ শৰ্মাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়লৈ প্ৰথমটো ভ্ৰমণ। শৰ্মাই আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত এঘণ্টাৰো অধিক সময় অতিবাহিত কৰিছিল আৰু ভাগৱতৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল। এই বৈঠকত কি আলোচনা হ’ল সেই বিষয়ে সংবাদ মাধ্যমক জনোৱা নাই সংঘৰ সূত্ৰই।

এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) প্ৰতিষ্ঠাতা ড০ কে বি হেডগেৱাৰক তেওঁৰ স্মৃতি মন্দিৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে আৰএছএছৰ অন্যতম পদাধিকাৰী এম এছ গোলৱালকাৰকো তেওঁৰ স্মৃতিচিহ্নত শ্ৰদ্ধা নিবেদন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...