কোনে কোনে লাভ কৰিলে অসম সৌৰভ সন্মান, বঁটাপ্ৰাপকৰ বিষয়ে জানেনে?

আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহ। প্ৰথমবাৰলৈ প্ৰদান কৰিব লগা বঁটাপ্ৰাপকৰ নাম ৰাজহুৱা কৰে হিমন্ত বিশ্ব শৰ্মাই। অসম সৌৰৱ বঁটাপ্ৰাপকৰ তালিকাত আছে শিক্ষাবিদ, স্বাস্থ্য বিষয়া, ৰাজপত্ৰিত বিষয়া। বিশিষ্ট শিক্ষাবিদ কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফেছৰ কমলেন্দু দেৱ ক্ৰৰিলৈ অসম সৌৰৱ সন্মান। IAS বিষয়া ড০ লক্ষ্মনন এছলৈ অসম গৌৰৱ সন্মান অসম চৰকাৰৰ। কভিড বিৰোধী যুঁজত আগবঢ়োৱা অৱদানলৈ স্বীকৃতি। বৰ্তমান NHMৰ মিছন ডাইৰেক্টৰৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে লক্ষ্মনন এছে। ইয়াৰ লগতে প্ৰফেছৰ দীপক চান্দ জৈনলৈ স্বীকৃতি। আমেৰিকাৰ নিবাসী অসম সন্তান জৈন বিশ্বৰ বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ গুৰুদায়িত্ব চম্ভালিছে।

আনহাতে, নীলপৱন বৰুৱালৈ আগবঢ়োৱা হব অসম সৌৰভ বঁটা। দ্য অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছচায়িটী প্ৰতিষ্ঠা কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনা তথা জনপ্ৰিয়তাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ লৈছিল। সৌৰৱ বঁটাত আছে নগদ ৪ লাখ টকা। তাৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব। অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা লাভৰ লগতে চৰকাৰী অনুষ্ঠানত বিশেষ আসনৰ ব্যৱস্থা থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...