অসম বাজেট ২০২১-২২ | সবিশেষ

0 11

চৰকাৰী স্কুলৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট ফোন, এহাজাৰ স্বাস্থ্য কেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰ, তামুলপুৰ নতুন জিলাৰ ঘোষণাৰে বাজেট অজন্তা নেওগৰ। মমতাময়ী মাতৃত্বৰ হৃদয়েৰে প্ৰস্তুত কৰা ৰাজ্যৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰীৰ বাজেটত অলেখ প্ৰতিশ্ৰুতি, চৰকাৰৰ কৰ্মসূচীৰ প্ৰতিফলন।

একলাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি বাজেটত। এটকাও কৰ বৃদ্ধি নকৰাকৈ বাজেট দাখিল কৰা বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কি আছে বাজেটত চাও আহক –

২০২১-২২ বৰ্ষৰ বাজেট

আজি বিধানসভাত ২০২১-২২ বৰ্ষৰ বাজেট
বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল
ছমাহৰ বাবেহে এই বাজেট
প্ৰথম ছমাহৰ বাবে পূৰ্বৰ চৰকাৰে লৈছে লেখানুদান
ফেব্ৰুৱাৰীত নতুন চৰকাৰৰ পূৰ্ণাংগ বাজেট
চমু বাজেট ভাষণৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিব ভাষণ
মহিলা সবলীকৰণৰ বিষয়ে লাভ কৰিব বিশেষ স্থান
মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পৰ্কতো থাকিব ব্যৱস্থা

বাজেটৰ আৰম্ভণিতে লাভলিনা বৰগোহাঁইলৈ অভিনন্দন
জ্যোতিপ্ৰসাদৰ কবিতাৰে বাজেট ভাষণ আৰম্ভ
মমতাময়ী হৃদয়েৰে বাজেট এই বাজেট প্ৰস্তুত কৰিছো
ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে দৃঢ়তাৰে কাম কৰিব
ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰৰ সংকল্প
বিগত ৫ বছৰত বৃদ্ধি পাইছে ঘৰুৱা উৎপাদন
২০১৫-১৬ বৰ্ষৰ তুলনাত ২০১৯-২০ বৰ্ষত বাজেট ব্যয় প্ৰায় দুগুণ
মাইক্ৰ’ফাইনেন্সৰ শোষণৰ পৰা ৰক্ষাৰ বাবে আইন
আছাম মাইক্ৰ’ফাইনেন্স ইন্সষ্টিটিউচনছ আইন প্ৰণয়ন
প্ৰতিমাহৰ
প্ৰতিমাহৰ ১০ তাৰিখে পেন্সন পোৱাৰ ব্যৱস্থা
১ লাখ ১১ হাজাৰ ৯৭৪গৰাকীক পেন্সন প্ৰদান
২০,৪৭৪খন বিচনা ক’ভিড ৰোগীৰ বাবে ব্যৱহাৰ
জৰুৰীকালীন সেৱাৰ বাবে ৬০০খন বিচনা ব্যৱহাৰ
বটদ্ৰৱাৰ প্ৰকল্পৰ বাবে ১,০৮৮ কোটি টকা ধাৰ্য
নুমলীগড় শোধনাগাৰত অসমৰ অংশীদাৰিত্ব ২৬%লৈ বৃদ্ধি

নতুনকৈ ৪টা আৰক্ষী বেটেলিয়ন গঠনৰ সিদ্ধান্ত
১৩৫ কোটি টকাৰ নিচাযুক্ত দ্ৰৱ্য, ড্ৰাগছ জব্দ
অসমত নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ গঠনৰ সিদ্ধান্ত
কয়লা সৰবৰাহ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ
অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে SOP প্ৰৱৰ্তন
অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ, অসমশ্ৰী বঁটা প্ৰৱৰ্তন
চাহ বনুৱাৰ দৈনিক মজুৰি ৩৮ টকা বৃদ্ধি
বড়োলেণ্ডৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে আঞ্চলিক পৰিষদ

আন্তঃগাঁথনি, সামাজিক খণ্ড উন্নয়নৰ বাবে অষ্টাদশ মুকুতাৰ উন্নয়নীমালা
২০২১ৰ ১৩ জুলাইপৰ্যন্ত ৪,৮৮৮গৰাকীৰ ক’ভিডত মৃত্যু
ক’ভিডত স্বামীহাৰা মহিলাক ২.৫ লাখকৈ প্ৰদান
মাইক্ৰ’ফাইনেন্সৰ শোষণৰ পৰা ৰক্ষাৰ বাবে আইন
আছাম মাইক্ৰ’ফাইনেন্স ইন্সষ্টিটিউচনছ আইন প্ৰণয়ন
প্ৰতিমাহৰ
অশোক সিংঘলৰ অধ্যক্ষতাত মাইক্ৰ’ফাইনেন্স কমিটী গঠন
ঋণ গ্ৰহণকাৰীসকলক ৩টা ভাগত শ্ৰেণীভুক্তকৰণ
নিয়মিতভাৱে ঋণ প্ৰদান কৰাসকলক ২৫ হাজাৰকৈ সাহায্য

১-৮৯ দিনলৈ ঋণ পৰিশোধ নকৰা সকলৰো ধনৰাশি প্ৰদান কৰা হ’ব
একাউণ্ট মানসম্পন্ন শ্ৰেণীভুক্তৰ পিছত ২৫ হাজাৰৰ উদ্গনি
সৰ্বস্বান্ত গ্ৰাহকৰ NPA একাউণ্টক ৩য় শ্ৰেণীত অন্তৰ্ভুক্ত
৩য় তালিকাভুক্তই প্ৰ-পত্ৰযোগে কৰিব লাগিব আৱেদন
মাইক্ৰ’ফাইনেন্সৰ ঋণ দাতাসকল নিকা আচৰণবিধিৰে পৰিচালিত হ’ব
ঋণ ৰেহাইৰ বাবে প্ৰয়োজন হ’ব ১২ হাজাৰ কোটি টকা
চৰকাৰী খণ্ডত ১ লাখ ৪৩জন শিক্ষিত নিবনুৱাক নিযুক্তিৰ সিদ্ধান্ত
মহিলা সৱলীকৰণৰ বাবে অৰুণোদয় আঁচনি গ্ৰহণ
মহিলা সদস্যলৈ মাহিলী সাহায্য এহেজাৰ টকালৈ বৃদ্ধি
অৰুণোদয় আঁচনিত ৬.৩৬ লাখ নতুন হিতাধিকাৰীৰ ব্যৱস্থা
জিলা পথ নেটৱ’ৰ্কক হাইস্পীড ৰোড কৰিড’ৰলৈ ৰূপান্তৰৰ কাম
চলিত বছৰতে সম্পূৰ্ণ হ’ব ৪টা পথৰ নিৰ্মাণ
২২৭৯.৫৫ কোটি টকা ব্যয়েৰে ২৬২ কিঃমিঃ দৈৰ্ঘ্যৰ অতিৰিক্ত পথ
৭৪ কিঃমিঃ দৈৰ্ঘ্যৰ কোকৰাঝাৰৰ পৰা বাশবাৰী হৈ ৰূপসীলৈ পথ
৫০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰৌতাৰ পৰা মিছামাৰীলৈ পথ নিৰ্মাণ
ঘগ্ৰাবস্তি হৈ গহপুৰৰ ধলপুৰলৈ ২৮ কিঃমিঃ পথ নিৰ্মাণ
৩৮ কিঃমিঃ দৈৰ্ঘ্যৰ বিজুলীবন-পেঙেৰী ৰাষ্ট্ৰীয় ঘাইপথ
আৰ্টফেড, এজিএমচিৰ জৰিয়তে শিপিনীৰ পৰা হস্ততাঁত সামগ্ৰী আহৰণ
দক্ষতা বৃদ্ধিৰ শিপিনীক মানসম্পন্ন প্ৰশিক্ষণৰ ব্যৱস্থা
১ম পৰ্যায়ত ১.২৩ লাখ শিপিনীক লোৱা হ’ব সামৰি
ব্ৰহ্মপুত্ৰ, বৰাকৰ এহেজাৰ কিঃমিঃ মথাউৰি শক্তিশালীৰ প্ৰস্তাৱ
মথাউৰি সৱলীকৰণৰ বাবে এহেজাৰ কোটি টকা ধাৰ্য
এহেজাৰটা মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ
একোটা অংগনবাড়ী কেন্দ্ৰলৈ ২৫ লাখ টকা ধাৰ্য
৪৮,৮০৫টা অংগনবাড়ী কেন্দ্ৰক বৈদ্যুতিকৰণৰ ব্যৱস্থা
১৩,৬৫৬খন প্ৰাথমিক বিদ্যালয়কো বৈদ্যুতিকৰণৰ ব্যৱস্থা
মানসিক বিকাৰগ্ৰস্ত, গৃহহীনকো খাদ্য সুৰক্ষা আইনত সামৰি লোৱাৰ পদক্ষেপ
অন্ন যোজনাৰ বাবে ৩৯০.০৮ কোটি টকা ধাৰ্য
চাহ বাগিচাৰ শ্ৰমিক লাইনত খোৱাপানীৰ টেপ সংযোগ
৮০৫খন বাগিচাক সামৰি ল’ব এই আঁচনিয়ে
দুগ্ধ ব্যৱসায়ীৰ বাবে কৃত্ৰিম শুক্ৰানু ব্যৱহাৰৰ ব্যৱস্থা
মতা গৰু-ম’হৰ পোৱালিৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা
৫০ হাজাৰ গৰু-ম’হক সামৰিব পৰাকৈ ১.২৫ লাখ টকাৰ শুক্ৰানু ক্ৰয়
২০০ দুগ্ধ কো-অপাৰেটিভ ছ’চাইটী, আত্মসহায়ক গোটলৈ বীজ ধন প্ৰদান
ৰাজ্যত গাহৰিৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ
২ লাখ গাহৰি উৎপাদৰ বাবে ১০০টা BREEDING SOW গোট
৩০ লাখ কৃষকক সামৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে ৪০০ কোটি টকা প্ৰদান
কৃষকক ন্যূনতম সমৰ্থন মূল্য পৰিশোধৰ পদক্ষেপ
১০ লাখ কুইণ্টল ধান ক্ৰয়ৰ বাবে ২০০ কোটি টকা
ছিপাঝাৰৰ গৰুখুঁটি প্ৰস্তাৱিত প্ৰকল্পৰ বাবে ৭৭,৪২০ বিঘা ভূমি
পদ্ম হাজৰিকাক সভাপতি হিচাপে লৈ সমিতি গঠন
গৰুখুঁটিত বৃক্ষৰোপণৰ বাবে ১৩৪টা ইক’ল’জিকেল টাস্ক গঠন
ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনি
১০ হাজাৰ গ্ৰাম্য ৰাজহুৱা পুখুৰী খন্দাৰ পৰিকল্পনা
৫০ হাজাৰ মেট্ৰিকটন অতিৰিক্ত মৎস্য উৎপাদনৰ লক্ষ্য
খিলঞ্জীয়া জনগোষ্ঠীৰ ঐতিহ্য, সংস্কৃতি সংৰক্ষণৰ নতুন বিভাগ
নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ম’বাইল ফোন যোগানৰ পদক্ষেপ
৮ লাখ শিক্ষাৰ্থীক উপকৃত কৰিব এই আঁচনিয়ে
এহেজাৰটা স্বাস্থ্য উপকেন্দ্ৰ বুনিয়াদী স্বাস্থ্যকেন্দ্ৰৰূপে গঢ়াৰ পদক্ষেপ
তামুলপুৰত নতুন জিলা গঠন
ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা ১৫ৰ অনুৰ্ধ শিশুলৈ মাহিলী ৩৫০০ টকা
ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা শিশু-কিশোৰলৈ ৭,৮১,২০০ টকাৰ স্থায়ী জমা
বিবাহযোগ্য মহিলালৈ স্বৰ্ণ ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকা
ৰাজ্যত নতুনকৈ ১০টা বেটেলিয়ন কামাণ্ডো গঠনৰ পোষকতা
দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ
মহানগৰীৰ পাহাৰসমূহত বেদখলমুক্ত কৰাৰ প্ৰচেষ্টা
বেদখলকাৰীৰ প্ৰতি মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিব চৰকাৰে
যোগ্য বিবেচিত ভূমিহীন বেদখলকাৰীক অন্য ভূমিলৈ স্থানান্তৰিত
গোৱালপাৰাত ‘আজগৰ বন্যপ্ৰাণী’ অভয়াৰণ্য ঘোষণা কৰা হ’ব
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰা হ’ব
৪,২৩০গৰাকী জীৱিকা সখীলৈ দুচকীয়া বাহন
মুঠ ৮,০৮৬গৰাকী কৰ্মীলৈ দুচকীয়া বাহনৰ প্ৰস্তাৱ
কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ
গোলাঘাট,ধেমাজি,মৰিগাঁও,বঙাইগাঁও,তামুলপুৰত চিকিৎসা মহাবিদ্যালয়
ডিব্ৰুগড়, শিলচৰত নতুন বন্যপ্ৰাণী চাফাৰী, উদ্ধাৰকেন্দ্ৰ স্থাপন
APOL কৰ্মচাৰীলৈ স্বেচ্ছামূলক অৱসৰ আঁচনি
APOL নিগমৰ ভূমিত বিকল্প ঔদ্যোগিক স্থাপনৰ পৰিকল্পনা
APOLৰ সকলো দেনা পৰিশোধৰ বাবে আৰ্হি প্ৰস্তুত
––––––––––––––
১০০ বছৰৰো অধিক পুৰণি শিক্ষানুষ্ঠানলৈ আৰ্থিক সাহায্য
ৰাজ্যৰ ৭খন কৰ্কট চিকিৎসালয় চলিত বৰ্ষতে সম্পূৰ্ণৰ আশা
কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ বাবে ৭৫০ কোটি টকা
আত্মসমৰ্পণকাৰী NDFB সদস্যৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা
কৰিমগঞ্জ, ধুবুৰী জিলাৰ সীমান্তত সীমান্ত হাট খোলাৰ পৰিকল্পনা
সীমান্ত হাটৰ বাজেটত ২.০৯ কোটি টকাৰ প্ৰস্তাৱ
উমৰাঙছ’ত আনন্দৰাম প্ৰশাসনীয় একাডেমী সংবৰ্ধনৰ প্ৰস্তাৱ
ধান-খাদ্য শস্য, মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য

২২,৪৭৮খন গাঁৱৰ কৃষক গোটক ১৪,৯৫৭খন ট্ৰেক্টৰ বিতৰণ
RIDFৰ অধীনত ৪৯,১৪১টা পাম্পছেট সংস্থাপন
প্ৰধানমন্ত্ৰী ফচল বীমাৰ অধীনত ৩৩,৫৯৮ কৃষকৰ দাবী নিষ্পত্তি
পূৰৱী গাখীৰৰ প্লাণ্টত উৎপাদন ক্ষমতা ১,৫০,০০০ লিটাৰলৈ বৃদ্ধি
১০টা ১.৫টন ক্ষমতাসম্পন্ন ক্ষুদ্ৰ মাছৰ দানা কাৰখানা নিৰ্মাণ
১০০খন কৃষিবজাৰ, ৪০ পণ্যাগাৰ ভঁৰালৰ আধুনিকীকৰণ
অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য
অসম আন্দোলনত গুলীত আহতক ২ লাখ টকাকৈ সাহায্য
আন্তঃৰাজ্যিক সীমান্তত ৫০টা নতুন সীমান্ত আৰক্ষী চকী
সীমান্তত আগশাৰীত নিয়োজিত সুৰক্ষা কৰ্মীক সন্মানসূচক হিচাপে এমাহৰ দৰমহা
নাবাৰ্ডৰ পৃষ্ঠপোষকতাত RIDFৰ অধীনত গ্ৰাম্য ভঁৰাল
শিলঘাটৰ অসম মৰাপাট কলৰ পুনৰুজ্জ্বীৱিতৰ বাবে ৮ কোটি টকা
১০খন জিলাত সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰ
তেজপুৰত ৪গৰাকী পুৰোধা ব্যক্তিৰ নামত সংগ্ৰহালয় প্ৰকল্প
শদিয়াত ভীমবৰ দেউৰী সত্ৰ নিৰ্মাণ
শিৱসাগৰত টাই সংগ্ৰহালয় নৱীকৰণ তথা আধুনিকীকৰণ
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ৩ কোটি টকাৰ প্ৰস্তাৱ
ডিব্ৰুগড়তো এখন কলাক্ষেত্ৰ স্থাপনৰ বাবে বাজেটত প্ৰস্তাৱ
১,০০০খন নিৰ্বাচিত বিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ
ইয়াৰ বাবে ‘প্ৰত্যাহ্বান’ নামৰ এখন আঁচনি গ্ৰহণ
বিশেষ প্ৰয়োজনীয়তা থকা ৫৮,২২৪গৰাকী শিশুক এই বিদ্যালয়ত নামভৰ্তি
৩৭,৭৩,৬৪৫গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম প্ৰদানৰ লক্ষ্য
RUSAৰ অধীনত ২খন বিশ্ববিদ্যালয়, ১৪২খন শিক্ষা প্ৰতিষ্ঠানক অনুমোদন
নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি
নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম
ষষ্ঠৰ পৰা দ্বাদশলৈ সকলো ছাত্ৰীক ছেনিটাৰী নেপকিন
অনলাইন প’ৰ্টেলৰ মাধ্যমত শিক্ষকৰ বদলি আৰু নিয়োগ

বঙাইগাঁও, বিহালী, শুৱালকুছিত ৩খন ইঞ্জিনীয়াৰিং কলেজ
হাজো, মাজুলী, টিংখঙত ৩খন নতুন পলিটেকনিক

–––––––––––––––––––––––

Leave A Reply

Your email address will not be published.