আফগানিস্তানত মৃত্যু ভাৰতীয় চিত্ৰ সাংবাদিক ডেনিছ ছিদ্দিকিৰ

অশান্ত আফগানিস্তানত তালিবানৰ আক্ৰমণত মৃত্যু পুলিৎজাৰ বঁটা জয়ী যশস্বী ফটো সাংবাদিক ডেনিছ ছিদ্দিকিৰ। কান্দাহাৰত তালিবানৰ ৰকেট আক্ৰমণত পোনতে ৰক্ষা পৰিও প্ৰত্যাক্ৰামণত নিহত ছিদ্দিকিৰ মৃত্যুত বিশ্বজুৰি শোকৰ ছাঁ।

গুৱাহাটী, ১৬ জুলাই, NKTV: চিত্ৰ সাংবাদিকৰূপে আফগানিস্তানত তালিবানৰে আফগান সেনাৰ সংঘৰ্ষৰ বাতৰি তথা আলোকচিত্ৰ সঘনাই পৰিৱেশন কৰি আছিল ডেনিছ ছিদ্দিকি। শুকুৰবাৰে দিনৰ ভাগত আফগান বিশেষ বাহিনীৰ সৈতে পাক সীমান্তৰ কান্দাহাৰৰ স্পিন বলডাক জিলালৈ গৈছিল ছিদ্দিকি। সেই এলেকাত আফগান সেনাই কিছু এলেকা তালিবানৰ পৰা মুক্ত কৰিছিল। এটা কনভয়ত যোৱা অৱস্থাত তালিবানৰ আক্ৰমণ চলে আফগান সেনাৰ দলটোৰ ওপৰত। সেই আক্ৰমণতে ছিদ্দিকিৰ লগতে এজন আফগান সেনাৰ মৃত্যু হয়।

আফগান সেনাৰে তালিবানৰ সংঘৰ্ষৰ বাতৰি পৰিৱেশন কৰিছিল ছিদ্দিকিয়ে
যুদ্ধ বিধ্বস্ত এলেকাৰ বীভৎস দৃশ্য বন্দী হৈছিল ছিদ্দিকিৰ লেন্সত
ৰকেট আক্ৰমণত বিধ্বস্ত হৈছিল ছিদ্দিক উঠি যোৱা হাম্ভি বাহনখন
সেই আক্ৰমণত বাহুত আঘাত পাই কথমপি প্ৰাণ ৰক্ষা ছিদ্দিকিৰ
কিছু সময় পাছতে পুনৰ তালিবানৰ আক্ৰমণত ছিদ্দিকিৰ মৃত্যু


মৃত্যুৰ কিছু সময় পূৰ্বে কথমপি প্ৰাণ ৰক্ষা পৰা বুলি টুইট কৰিছিল ছিদ্দিকিয়ে। ৰকেট প্ৰপেলড গ্ৰেনেড (RPG) আৰু অন্য শক্তিশালী আগ্নেয়াস্ত্ৰৰে তালিবানে আমাৰ কনভয়ত আক্ৰমণ চলাইছিল। ফলত আমাৰ কনভয়ৰ তিনিখন হাম্ভি বাহন ক্ষতিগ্ৰস্ত হৈছিল। অদৃশ্য তালিবান যোদ্ধাৰ বিৰুদ্ধে আফগান সেনাৰ দলে গুলীৰে প্ৰত্যুত্তৰ দিছিল।

আৰু এটা টুইট কৰি ডেনিছে জনাইছিলঃ মই উঠি যোৱা আফগান বিশেষ সেনাৰ হাম্ভি বাহনত তালিবানৰ তিনিটা RPG-এ আঘাত হানিছিল। এনে এটা ৰকেটে আমাৰ বাহনখনত আঘাত হনাৰ দৃশ্য বন্দী কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা আৰু মই কথমপি ৰক্ষা পৰিছিলো….।

তালিবানৰ প্ৰথম আক্ৰমণত তেওঁ উঠি যোৱা বাহনখন ক্ষতিগ্ৰস্ত হৈছিল আৰু তেওঁ বাহুত আঘাত পাইছিল। কিন্তু নিয়তিৰ পৰিহাৰ বাহুৰ বেণ্ডেজ কৰি হাস্পতালৰ বাহিৰত কেইজনমান দোকানীৰ সৈতে কথাপাতি থকা অৱস্থা পুনৰ তালিবানে চলায় প্ৰত্যাক্ৰমণ। আৰু সেই আক্ৰমণতে প্ৰাণ হেৰুৱালে ডেনিছ ছিদ্দিকিয়ে।

‘ৰয়টাৰ’ৰ ভাৰতস্থ মুখ্য ফটো সাংবাদিক ছিদ্দিকিৰ মৃত্যুত শোকস্তব্ধ সংবাদমাধ্যম
কেন্দ্ৰীয় তথ্য মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰাহুল গান্ধীৰ শোক প্ৰকাশ
পুলিৎজাৰ বঁটা বিজয়ী প্ৰথমগৰাকী ফটো সাংবাদিক আছিল ছিদ্দিকি


২০১৮ চনত ৰহিংগীয়া শৰণাৰ্থীৰ সংকটৰ বিষয়ে প্ৰকাশ কৰা ফটো ফিচাৰৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল ছিদ্দিকিয়ে। ইয়াৰ উপৰি ২০১৫ চনৰ নেপাল ভূমিকম্প, ২০১৬ চনৰ মচুলত হোৱা যুদ্ধ, ২০১৯ত হংকঙত হোৱা প্ৰতিবাদ, ২০২০চনত দিল্লী সংঘৰ্ষৰ আলোকচিত্ৰ তুলিছিল ছিদ্দিকিয়ে।

আফগানিস্তানৰ অধিকাংশ এলেকা দখলত আছে বুলি দাবী তালিবানৰ
মাৰ্কিন সেনা প্ৰত্যাহাৰৰ পিছতেই অধিক সক্ৰিয় তালিবান
‘দেশখনৰ ৪০ৰাজ্যৰ ২৯খনত কেইবাশ চৰকাৰী ভৱন ধ্বংস কৰিছে তালিবানে’
দাবী আফগানিস্তান চৰকাৰৰ


তালিবানৰে আফগান সেনাৰ সংঘৰ্ষৰ ফলত পৰিস্থিতি শোচনীয় হোৱাৰ বাবে ভাৰত চৰকাৰে ৫০গৰাকী কূটনৈতিক ব্যক্তিক ইতিমধ্যে কান্দাহাৰত থকা দূতাবাসৰ পৰা ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে আঁতৰাই আনিছিল। কিন্তু ডেনিছ ছিদ্দিকিয়ে সেই ভয়াৱহ পৰিস্থিতিৰ মাজত যুদ্ধৰ লগতে সাধাৰণ মানুহৰ দুব্যৱস্থাৰ আলোকচিত্ৰ সঘনাই প্ৰেৰণ কৰি আহিছিল। নিৰ্ভীক ফটো সাংবাদিক ডেনিছ ছিদ্দিকিৰ প্ৰতি NKTVৰ পৰিয়ালেও জনাইছে ছ্যেলুট।
International Desk NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...