‘মাতৃৰ মমতা ভৰা অন্তৰেৰে এইবাৰৰ বাজেট’

গুৱাহাটী, ১৬ জুলাই, NKTV: ১০৯ পৃষ্ঠাযোৰা বাজেট ভাষণৰে শাসক-বিৰোধীক মুগ্ধ কৰিবলৈ সক্ষম হয় প্ৰথমবাৰলৈ বিত্তমন্ত্ৰীৰ দায়িত্ব লোৱা অজন্তা নেওগে। বিশেষকৈ ৰাজ্যৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰূপে বাজেট দাখিল কৰা অজন্তা নেওগৰ বক্তব্যৰ প্ৰতি সকলোৰে আছিল দৃষ্টি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কবিতাৰে আৰম্ভ কৰা বাজেট বক্ততা নেওগে সামৰিলে বেদৰ উদ্ধৃতিৰে।

বিত্ত মন্ত্ৰীৰ দায়িত্ব লৈ অজন্তা নেওগে প্ৰথমবাৰৰ বাবে সদনত দাখিল কৰিলে ৰাজ্যৰ বাজেট। ১ লাখ ৭ হাজাৰ কোটি টকাৰ বাজেটত নাই কোনো কৰৰ উল্লেখ। তেওঁ বাজেট আৰম্ভ কৰে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ সেই প্ৰখ্যাত কবিতাৰে…

অসমৰ ৰাইজৰ হৈ বাজেটৰ পাতনিতে বিত্ত মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা লাভলিনা বৰগোহাঁইক। বাজেট প্ৰস্তুত কৰোতে সকলো স্তৰৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰা বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰত্যেকজন ব্যক্তিয়ে বাজেটত নিজৰ হৃদয়ৰ সংবাদ যাতে শুনিবলৈ পায় তাৰ বাবে যত্নৰ ত্ৰুটি কৰা নাই বুলি উল্লেখ কৰি অজন্তা নেওগে উদ্ধৃতি দিয়ে আধুনিক কবিতাৰ অন্যতম পথপ্ৰদৰ্শক অমূল্য বৰুৱাৰ।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰসংগ আনি বিত্ত মন্ত্ৰী নেওগে কয় সাহিত্যৰথীৰ ভাষাৰ জীৱন্ত হৈ উঠা আশাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰাই তেওঁৰ চৰকাৰৰ একমাত্ৰ লক্ষ্য। বিভিন্ন বিভাগত খালী থকা পদ তথা ১ লাখ পদত নিযুক্তিৰ সন্দৰ্ভতো বাজেট বক্তৃতা কালত আভাস দিয়ে অজন্তা নেওগে।

বিত্ত মন্ত্ৰী অজন্তা নেওগে বাজেট বক্তৃতা সামৰণি মাৰে বেদৰ উদ্ধৃতিৰে। মন্ত্ৰীগৰাকীয়ে কয় আমাৰ চাৰি বেদ ৩হাজাৰ বছৰতকৈও প্ৰাচীন। বিশ্বৰ সকলো দিশৰ পৰা সকলো শুভ চিন্তা এই স্থানলৈ প্ৰবাহিত হওক বুলিও উল্লেখ কৰে অজন্তা নেওগে।

NEWS DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...