অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ দুদিনীয়া বাৰ্ষিক পৰ্যালোচনা সভা আৰম্ভ

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী
১২ খন গ্ৰন্থ, দুটা মোবাইল এপ, দুটা ৱেবছাইট উন্মোচন

কৃষি পৰিবেশ তন্ত্ৰৰ পৰিৱৰ্তন সাপেক্ষে খাদ্য চাহিদা পূৰণ কৰিব লাগিব। পৰিবেশ অনুকুল বিশেষ ধানৰ জৰিয়তে এই দিশত সময়োচিত চিন্তাৰে আগবাঢ়িব লাগিব। তাৰবাবে বহু পৰিকল্পিত গৱেষণাৰ জৰিয়তে প্ৰয়োজন আছে আৰু এই দিশত সময়োচিত পৰিকল্পনা কৰা হৈছে।যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক বাৰ্ষিক পৰ্যালোচনা সভাত মুখ্য অতিথিৰ ভাষণত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান (শস্য বিজ্ঞান) ড: টি আৰ শৰ্মাই এই মত ব্যক্ত কৰে।চাউলেই আমাৰ জীৱন আৰু চাউলৰ অবিহনে আমি জীৱনৰ কল্পনাই কৰিব নোৱাৰি বুলি উল্লেখ কৰি ধান কেন্দ্ৰিক অৰ্থনীতিক ত্বৰান্বিত কৰিব লাগিব বুলি আশা ব্যক্ত কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্যই আদৰণি ভাষন আগবঢ়োৱা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সভাখনৰ উদ্ধোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে আমাৰ অৰ্থনীতি ধানৰ ওপৰত নিৰ্ভৰ। নতুন নতুন ধানৰ জাত উদ্ভাৱন আৰু উন্নত কৃষি কাৰিকৰী কৌশলৰ বাবে সমগ্ৰ অৰ্থনীতি অধিক প্ৰভাবান্বিত কৰাৰ দিশত আগবাঢ়িছে। সেয়ে কি ধৰণৰ ব্যৱস্থাৱলীৰ জৰিয়তে অধিক আগুৱাই যাব লাগিব সেই দিশৰ চিন্তা চৰ্চা আগবাঢ়িছে। তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ধান গৱেষণা প্ৰতিষ্ঠানটোৰ শতবৰ্ষীয় পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে মুখ্য বিজ্ঞানী ড: সঞ্জয় কুমাৰ চেতিয়াই । ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত সৰ্বভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণাৰ বিষয়ে প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড: আৰ এম সুন্দৰমে ।

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ ল’গ উন্মোচন কৰা এই অনুষ্ঠানত উৰিষ্যা কৃষি আৰু কাৰিকৰী বিশ্ববিদ্যালয়ৰ অনাৰেৰী প্ৰফেছৰ ড: এছ আৰ দাসে উদ্ধোধনী অনুষ্ঠানটোত বক্তব্যত নতুন প্ৰযুক্তিৰে ধানৰ দিশত অধিক সম্ভাৱনা সৃষ্টি কৰাৰ দিশত চেষ্টা কৰা অতিকৈ জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰে । ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড: এ কে নায়ক আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড: এছ কে প্ৰধানেও বক্তব্য আগবঢ়োৱা সভাখনত ১২ খন গ্ৰন্থ, দুটা কৃষিভিত্তিক এপ আৰু দুটা ৱেবছাইট উন্মোচন কৰা হয়। ড: প্ৰিয়দৰ্শিনী ভৰালীয়ে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষ উপলক্ষে এই অনুষ্ঠানত ধান গৱেষণাৰ দিশত অনবদ্য অৱদান আগবঢ়োৱা কৃষি বিজ্ঞানী ড: অৰুণ কুমাৰ পাঠক আৰু ড: তমিজুদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয় ।

দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে ধান গৱেষণা আৰু পৰিবৰ্তিত পৰিস্থিতিত এই ক্ষেত্ৰখনত লবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিশেষভাৱে পৰ্যালোচনাত মিলিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকত ধান গৱেষণাৰ লগত জড়িত দেশৰ কৃষি বিশ্ববিদ্যালয়সমুহ, গৱেষণা প্ৰতিষ্ঠান সমুহ আৰু এই দিশৰ লগত জড়িত নিৰ্বাচিত কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...