কাপোৰ ঠোকোচা দি ঠুকুচি পেলালেহে…

কামত বেয়া, দায়িত্ব নুবুজে…
ডাঙৰীয়া আপোনাৰ দৰমহা বন্ধ
খঙত অগ্নিশৰ্মা উপায়ুক্ত কীৰ্তি জল্লী

কাপোৰ ঠোকোচা দি ঠুকুচি পেলালেহে। মাত হেৰাল বিষয়াৰ। মাতনো দিব কি! নিজৰ কৰ্মকাণ্ড নিজেই জানে যেতিয়া গালিখিনি তেওঁৰ প্ৰাপ্তি বুলিয়ে ধৰি ল’লে। প্ৰথমে উপায়ুক্তগৰাকীয়ে মাতি আহোতেও পলমকৈ আহিল বিষয়াজন। ৰৈ থাকিবলগীয়া হ’ল DCসহ আন বিষয়াসকল। বিষয়াজন আহোতেই অন কেমেৰা গৰজি উঠিল জিলা উপায়ুক্ত কীৰ্তি জল্লী। তাৰ পিছত আহি পালে পানী ফিল্টাৰৰ কাষ। লেতেৰা, কৰ্দযময় পৰিৱেশ। আকৌ এপৰাল পৰিল বিষয়াৰ ওপৰত।

এইবোৰ ব্যৱস্থা ঠিক নোহোৱালৈকে দৰমহা বন্ধ। বিষয়াক কৈ দিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে। এই যে জিলা উপায়ুক্তৰ ধাৰাষাৰ গালি খাই আছে এওঁ পিছে কম নহয়। চাওক খন্তেক সময়ৰ পূৰ্বে কীৰ্তি জল্লীৰ সৈতে একেলগে ডাইচত বহি আছিল লোকজন। কীৰ্তি জল্লীৰ ভাষণত হাত-তালিও দিছিল।

পিছে পিছত এই গতি হ’ল লোকজনক। এই ঘটনা ঘটিল কামৰূপৰ শিঙিমাৰীত আদৰ্শ চিকিৎসালয়ত অতিৰিক্ত বিনামূলীয়া কিডনী ডায়েলাইচিছ সেৱা মুকলি অনুষ্ঠানত। ডায়েলাইচিছ সেৱা মুকলি কৰে কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত হিন্দুস্থান কোকা-কোলা প্ৰতিষ্ঠানৰ অৰ্থ সাহাৰ্যত অতিৰিক্তভাৱে এই ডায়েলাইচিছ সেৱা মুকলি কৰা হয়। লগতে সোমবাৰৰ পৰা চিকিৎসালয়খনত প্ৰসূতি বিভাগ আৰম্ভ হ’ব বুলি উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰে। পিছে প্ৰসূতি বিভাগ মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চিকিৎসালয়খন চাব খুজিলে কীৰ্তি জল্লীয়ে। তাতেই লাগিল কেনা। চিকিৎসালয়খন কিছুমান ব্যৱস্থাই খৰ্গহস্ত কৰিলে জল্লীক। গতিকে, তুলাধুনা দিলে চিকিৎসালয়খনৰ সহকাৰী অধীক্ষক ডা° মনোমোহন মড়লক। শাস্তি হিচাপে চলিত মাহৰ দৰমহা বন্ধ কৰা হ’ব বুলি ধমক দিলে। অহা ৬ মাহৰ ভিতৰত বিসংগতি দূৰ নকৰিলে ৬ মাহলৈ দৰমহা বন্ধ ৰখা হ’ব বুলি চিকিৎসকজনক সকীয়নি দিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...