কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰৰ ভিন্ন স্থান

ভয়াৱহ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ। চহৰৰ ভিন্ন স্থানত ভয়াবহ বান। থানা চাৰিআলিত মানকটা পথৰ ওপৰত যাব নোৱাৰা অৱস্থা। গুৰুত্ব নাই পৌৰ নিগম কিম্বা জিলা প্ৰশাসনৰ। বছৰ বছৰ ধৰি চলা সমস্যাৰ ক্ষেত্ৰত নিৰ্বিকাৰ বিধায়ক প্ৰশান্ত ফুকন।

ডিব্ৰুগড় মহাসাগৰলৈ স্বাগতম
শুনাত ভুল যেন লগা
দৃশ্যই পিছে ক’ব একেটা কথা

হয়। এয়া সদা চৰ্চিত বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টি ডিব্ৰুগড়। এয়া পুনৰ কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা সাংসদ সৰ্বানন্দ সোণোৱালৰ সমষ্টি ডিব্ৰুগড়।
পৌৰসভাৰ পৰা উন্নীত হ’ল পৌৰনিগমলৈ। অঘোষিতভাৱে ডিব্ৰুগড়ে ৰূপ পালে মহানগৰৰ। সলনি সকলো হ’ল, নহ’ল মাত্ৰ কৃত্ৰিম বানৰ। চহৰখনৰ মাজেৰে যোৱা মানকটা পথৰ অৱস্থা এজাক বৰষুণ দিলেই পুতৌলগা। ৰাইজে ভোগে যমৰ যাতনা। বিধায়ক প্ৰশান্ত ফুকনৰ চকুৰ সন্মুখৰ মূল পথটোৰ এই অৱস্থা কেৱল আজিৰ নহয়। নিৰ্বাচন আহিলেই বাৰিষা পথত এটুপি পানীও নোহোৱা কৰি দিম বুলি কোৱা বিধায়কৰ ওপৰত নাৰাজ একাংশ সাধাৰণ জনতা। কাৰণ ভুগিছে তেওঁলোকে।

নিশাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণতে চহৰীয়া দম্ভ মষিমূৰ। মষিমূৰ বিধায়কৰ প্ৰতিশ্ৰুতি। বৰষুণৰ ফলত নগৰৰ মূল পথ মানকটা পথ, পূৰ্ণানন্দ পথকে আদি কৰি কেইবাটাও উপ পথত পানী। শিক্ষানুষ্ঠানলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীৰো নগুৰ-নাগতি। বিধায়ক, সাংসদ, পৌৰনিগমক সামৰিয়েই উজাৰিলে ক্ষোভ সংগঠনৰ প্ৰতিনিধিয়ে । ক’লে ‘কেৱল টকা সংগ্ৰহতহে নাম্বাৰ ওৱান পৌৰনিগম’।

পানী ওলায় যাবলৈ সজা নলাৰে পানী সোমাইহে আহিছে। ৰাইজে কৈছে, এয়া নিম্নমানৰ কাম। প্ৰযুক্তিৰ অপব্যৱহাৰ।

চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে একাংশ নাগৰিকে। চৰকাৰে কৃত্ৰিম বানৰ সমস্যা সমাধা হেনো কল্পনাৰো অতীত।

এজাক বৰষুণে দেখুৱাই গ’ল নিৰ্বাচনী ভাষণত বৈ থকা উন্নয়নৰ গংগাখনৰ কথা। উদঙাইছে বিয়াগোম পৌৰ নিগমৰ অদক্ষতাৰ কথা।
বিধায়কে দেখিও নেদেখা এই সমস্যাৰ কথা কৈ ভাগৰিছে ৰাইজ।
১৮টা বছৰে বিধায়কৰ চকীত বহা প্ৰশান্ত ফুকনৰ কথানো আমি কি ক’ম,
একাঁঠু পানীত সোমাই জনতাই মুকলিকৈ ক’লে

বিধায়ক ডাঙৰীয়া, মন কৰিব। সন্মুখত নিৰ্বাচন। সমস্যাৰ সমাধান নহ’লে আকৌ এবাৰ কৰিম বুলিহে প্ৰতিশ্ৰুতি দিব লাগিব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...