যোগীঘোপাৰ বোৱালীমাৰীত তীব্ৰ উত্তেজনা

যোগীঘোপাৰ বোৱালীমাৰীত তীব্ৰ উত্তেজনা। তহলদাৰী আৰক্ষীয়ে বিনা কাৰণত যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ। উত্তেজিত ৰাইজে আবদ্ধ কৰিলে আৰক্ষীক। আচলতে ঘটিছিল কি?

যোগীঘোপা থানাৰ অধীনস্থ মাজেৰ আলগা নদী আৰক্ষী চকীৰ এদল আৰক্ষীয়ে নিয়মিত তহল দি আছিল ঔডুবি বোৱালীমাৰী পথত। তেতিয়াই ৰাস্তাৰ কাষত উতকত গৰমৰ পৰা সকাহ পাবলৈ দুজন যুৱক বহি থকা দেখিছিল আৰক্ষীয়ে। ওচৰ চাপি গৈ কোনো কথা নোসোধাকৈ আৰক্ষীয়ে প্ৰহাৰ কৰিলে যুৱক দুজনক। লাঠীৰ কোব খাই চিঞৰি উঠিল যুৱক দুজন। চিঞৰ শুনি ওলাই আহিল স্থানীয় ৰাইজ। আৰক্ষীক ঘেৰি ধৰিলে একাংশ লোকে । কিয় প্ৰহাৰ কৰিলে দুই যুৱকক?

ইয়াকে লৈ আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত প্ৰথমে তৰ্কাতৰ্কি। তাৰ পাছত একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। উত্তেজিত ৰাইজে ঘেৰি ধৰে আৰক্ষীৰ দলটোক। লাঠি-জোং লৈ আৰক্ষীৰ দলটোক আবদ্ধ কৰি আক্ৰমণ কৰিবলৈ উদ্যত হয় একাংশ। উপায় নাপাই আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

যোগীঘোপাৰ বোৱালীমাৰীত আৰক্ষী আৰু ৰাইজৰ মাজত হোৱা সংঘাতক লৈ তীব্ৰ চাঞ্চল্য। যোগীঘোপাৰ বোৱালীমাৰীৰ ঔডুবী-চাপৰ সংযোগী গড়কাপ্তানী পথেৰে দীৰ্ঘদিনৰ পৰা চোৰাং গৰু সৰবৰাহ হৈ আহিছে। তেনে সময়তে মঙলবাৰে সন্ধিয়া মাজেৰ আলগা নদী আৰক্ষী চকীৰ আৰক্ষীয়ে টহল দি আছিল বোৱালীমাৰীত। সেই সময়ত আৰক্ষীৰ পৰা কিছু দুৰত থকা দুজন যুৱকে উক্ত পথৰে অহা যান-বাহনসমুহক সন্মুখত আৰক্ষীৰ তালাচী থকা বুলি সতৰ্ক কৰি দিয়াৰ অভিযোগ। সেই যুৱক দুজনক সোধা-পোচা কৰি লাঠীৰে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে। ইয়াকে লৈ গাঁৱৰ পুৰুষ-মহিলাই লাঠি-জোং লৈ ওলাই আহি আৰক্ষীক ঘেৰি ধৰে।

এই ঘটনাক লৈ এতিয়াও অব্যাহত চেপা উত্তেজনা। প্ৰকৃততে কি ঘটিছিল নিশা? সেয়া কিন্তু এতিয়াও পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

12 COMMENTS

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...