অসমব্যাপীয়েই কমিছে সুৰাৰ বিক্ৰী

সুৰাপান কমাইছে ৰাইজে
অসমব্যাপীয়েই কমিছে সুৰাৰ বিক্ৰী
কঠোৰ নিৰ্দেশনাৰ পাছতো চৰকাৰৰ প্ৰয়াস অথলে যোৱাৰ পথত

অসমৰ সুৰাপীয়ে অভিলেখ সৃষ্টি কৰে। নিউয়েৰ-পূজা বুলি কলে বিক্ৰীৰ অভিলেখ ৰচনা হয় অসমত। গুৱাহাটীতো গুৱাহাটীয়েই। কিন্তু শেহতীয়াকৈ সুৰাৰ বিক্ৰী কমিছিল। তাকে লৈ চিন্তাত পৰা চৰকাৰে সুৰাৰ বিপণীসমূহক দিছিল কঠোৰ নিৰ্দেশনা। সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। কৰ বিপণীয়ে কিমান সুৰা বিক্ৰী কৰিব লাগিব তাৰো নিৰিখ দি দিছিল বিভাগে। একো নহলেও চৰকাৰক দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব পৰিছিল সুৰাপায়ীৰ মূৰৰ ওপৰত। কিন্তু
পকেট খালী কৰি সুৰা ক্ৰয় কৰাৰ মন নাই কাৰো
সুৰা বিক্ৰী কমিয়েই আছে
কামৰূপ মহানগৰীৰ সুৰা বিপণীয়ে প্ৰতিমাহে বিক্ৰী কৰিবলগীয়া আছিল ৫,১৩৫ লিটাৰ সুৰা
নলাবাৰীৰ সুৰা বিপণীয়ে ৫,৬৭৫ লিটাৰ
নগাঁৱৰ সুৰাৰ বিপণীয়ে ৬,৬৫০ লিটাৰ
যোৰহাটৰ সুৰা বিপণীয়ে ৯,৫৮৭ লিটাৰ
শিৱসাগৰৰ সুৰা বিপণীয়ে ১০,০০০ লিটাৰ
কামৰূপত ১২,৯৫৭ লিটাৰ
এনেকৈয়ে দায়িত্ব দিয়া হৈছিল সুৰাৰ বিপণীসমূহক। কিন্তু তেনেকৈ হোৱা নাই।
গুৱাহাটীত ২০ শতাংশলৈ কমিছে সুৰাৰ বিক্ৰী

অসমত সুৰাৰ বিক্ৰী কমিছে ২৫ শতাংশ পৰ্যন্ত
অৱশ্যে ইয়াৰ বাবে আছে কেতবোৰ কাৰণ। নিৰ্বাচন আহিল। ইখন জিলাৰ লোক সিখন জিলালৈ গল। কটকটীয়া হল নিৰাপত্তা। ঠায়ে ঠায়ে ব্ৰেথ এনালাইজাৰ লৈ বহিল আৰক্ষী। দ্বিতীয়তে ড্ৰাই ডে। বিগত কেইটামান মাহত বিভিন্ন দিনত ড্ৰাই ডে ঘোষণা কৰিছিল প্ৰশাসনে। তাৰো প্ৰভাৱ পৰিল সুৰাৰ বিক্ৰীত। আটাইতকৈ বেছি প্ৰভাৱ পৰাৰ কাৰণতো হল দাম বৃদ্ধি।

সুৰাই একমাত্ৰ যাৰ দাম বৃদ্ধি কৰিলেও কোনো প্ৰতিবাদ নাই। কোনো প্ৰতিক্ৰিয়া নাই। তাৰেই সুযোগ লৈ সময়ে সময়ে সুৰাৰ দাম বৃদ্ধি কৰি আহিছে চৰকাৰে। এয়া যেন নীৰৱ প্ৰতিবাদ সুৰাপায়ীৰ। কমাই খোৱা হৈছে সকলোৱে। পূৰ্বে নামী-দাবী খোৱাসকলৰ এতিয়া যেন হলেই হয়। বহুতেই ৰঙাৰ পৰা বগালৈ নামিছে। তাৰেই প্ৰভাৱ এয়া।

পূৰ্বে এদিনত ৪০ হাজাৰ টকাৰ সুৰা বিক্ৰী হোৱা বিপণীত এতিয়া ২০ হাজাৰ টকাৰ সুৰা বিক্ৰী হৈছে
পূৰ্বে মাহে ১৪ লাখ টকাৰ সুৰা ক্ৰয় কৰা বিপণীয়ে এতিয়া ৫ লাখ টকাৰ কিনে।

সুৰাপায়ীয়ে যেন শিক্ষা দিয়াৰ পণ লৈছে আবকাৰী বিভাগ তথা চৰকাৰক। আমি নাখাওঁ। এতিয়া ৰাজকোষ টনকিয়াল কেনেকৈ কৰে চৰকাৰে সেয়া হব লক্ষণীয়। এয়া কিন্তু চৰকাৰৰ বাবে মুঠেও ভালকথা হোৱা নাই। এইবাৰ যেন সুৰাপায়ী একগোট হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...