কেইটামান মৃত প্ৰাণীৰ আত্মাৰ সদ্গতি কামনা কৰি পাতিলে আদ্যশ্ৰাদ্ধ

এখন আদ্যশ্ৰাদ্ধত এজাক ছাত্ৰ-ছাত্ৰী
ভকত-বৈষ্ণৱ সকলে পৰম্পৰাগতভাৱে সম্পন্ন কৰিছে মাংগলিক কৰ্ম
সেৱা লৈছে সকলোৱে, আশীৰ্বাদ দিলে ভকত-বৈষ্ণৱে
কিন্তু এই আদ্যশ্ৰাদ্ধ মানুহৰ নহয়, তেন্তে কালৈ এই শ্ৰদ্ধাঞ্জলি?

শদিয়াৰ ৰতনপুৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত হয় এখন ৰাজহুৱা আদ্যশ্ৰাদ্ধ। উপস্থিত আছিল কেইবাখনো বিদ্যালয়ৰ এজাক ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজ। আদ্যশ্ৰাদ্ধত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি যাচিছিল সমাজপ্ৰেমী, প্ৰকৃতিপ্ৰেমীসকলে। কিন্তু আপোনালোকে জানি আচৰিত হ’ব এই আদ্যশ্ৰাদ্ধ আয়োজিত হৈছিল কোনো মৃত মানুহৰ আত্মাৰ সদ্গতি কামনা কৰি নহয়। আদ্যশ্ৰাদ্ধ অনুষ্ঠানত নামভাগ আগবঢ়োৱা হৈছিল কেইটামান মৃত প্ৰাণীৰ বাবেহে। বন্যপ্ৰাণী প্ৰেমৰ বিৰল দৃষ্টান্ত দাঙি ধৰি শদিয়াত ১ জুনৰ দিনা মৃত্যু হোৱা ১১টা শগুনৰ আত্মাৰ সদ্গতি কামনা কৰি আয়োজিত হৈছিল এই শ্ৰাদ্ধ অনুষ্ঠান।

১ জুনত বিষক্ৰিয়াৰ ফলত গাঁৱৰ পথাৰত ১১টা শগুনৰ মৃত্যু হৈছিল
১১টা মৃত শগুনৰ প্ৰতি শ্ৰদ্ধা তৰ্পণৰ বাবে আয়োজিত হৈছিল এই অনুষ্ঠান
দুষ্প্ৰাপ্য প্ৰজাতিৰ ৩টা শগুন উদ্ধাৰ হৈছিল ঘটনাস্থলীত
অসুস্থ শগুনকেইটিকো সুস্থ কৰি তুলি মুকলি কৰি দিয়া হয় শ্ৰাদ্ধথলীতে
‘প্ৰকৃতিৰ জামাদাৰ’ বুলি পৰিচিত শগুন এতিয়া হৈ পৰিছে বিৰল
শগুনৰ অস্তিত্ব বৰ্তাই ৰক্ষাৰ বাবে চলোৱা হৈছে বিশেষ অভিযান

ৰাজ্যৰ বন বিভাগ আৰু প্ৰকৃতি সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উদ্যোগত শগুন আৰু প্ৰকৃতি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এই ব্যতিক্ৰমী প্ৰশংসনীয় কাৰ্যসূচী। অনুষ্ঠানত সহযোগ কেইবাখনো বিদ্যালয় তথা স্থানীয় গাঁৱৰ ৰাইজৰ।

বন বিভাগ-WTIৰ লগত উদ্যোক্তা আছিল ৰতনপুৰ-বালিয়নি গাঁও পৰিচালনা সমিতি
অংশগ্ৰহণ ৰতনপুৰ উঃ মাঃ বিদ্যালয়, মজলীয়া, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

জীৱ-জন্তুৰ প্ৰতি মৰম আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বুলি বন বিভাগে জানিবলৈ দিছে। বন বিভাগ, WTIৰ আহ্বান – এই বিৰল প্ৰজাতিৰ শগুন সুৰক্ষাৰ দায়িত্ব সকলোৱে বহন কৰিব লাগিব। উক্ত অনুষ্ঠানত কেইবাখনো গাঁৱৰ স্থানীয় ৰাইজ, ভকত বৈষ্ণৱ, ছাত্ৰছাত্ৰী, বন বিভাগৰ লোক, স্থানীয় সংবাদকৰ্মী উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...