বিপদঘন্টা বাজিছে ৰাজপত্ৰিত বিষয়াৰ

ৰাজপত্ৰিত বিষয়াৰ বিপদঘন্টা বাজিছে। বক্ৰ পথেৰে চাকিৰ লোৱাসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈছে। একাংশ এ পি এছ, এ চি এছ বিষয়াৰ পেটলৈ এতিয়া ভাত যোৱা নাই। কোনোবাই বিচাৰিছে অগ্ৰীম জামিন। কোনোবা বিষয়া ছুটী লৈ আছে বহিঃৰাজ্যত। তাৰ মাজতেই একাংশই পলায়ন কৰিছে বিপদত পৰাৰ ভয়ত।

দুৰ্নীতি-অনিয়ম সংঘটিত কৰাসকল যাক দেখি দৌৰিছিল,
এতিয়া তেওঁলোকেই দৌৰিছে-পলাই ফুৰিছে কাৰণ বিপদঘন্টা বাজিছে

বক্ৰপথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ অভিযান আৰম্ভ হৈছে। সোমবাৰে নিশাৰে পৰা আৰম্ভ হৈছে SITৰ অভিযান। যোৰহাট ক্ৰাইম ব্ৰান্সৰ অতিৰিক্ত আৰক্ষী অধীক্ষক
শ্বাহজাহান সৰকাৰক গ্ৰেপ্তাৰ
ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱাক গ্ৰেপ্তাৰ
বুধবাৰে বিয়লি দুয়োকে বিশেষ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ ৫ দিনৰ বাবে SITৰ জিন্মালৈ প্ৰেৰণ কৰা হয় আৰক্ষীৰ দুই উচ্চপদস্থ বিষয়াক।
এই SITৰ তালিকাত আছে ৩৭ ৰাজপত্ৰিত বিষয়াৰ নাম
সেইসকলৰ মূৰত যেন সৰগ ভাগি পৰিল। মুখা খোল খালে। এতিয়া শাস্তিৰ ভয়। ইয়াৰে একাংশই আগতীয়া জামিনৰ বাবে এতিয়া খৰধৰ কৰিছে। আকংশ বিষয়া ছুটিলৈ আছে বহিঃৰাজ্যত। আন একাংশ বিষয়াৰ পলায়ন। ‘APSC কেলেংকাৰিৰ তদন্তক গভীৰতম মাত্ৰালৈ নিবলৈ সাজু আৰক্ষী’। নিশা ৩৫ ৰাজপত্ৰিত বিষয়াৰ সন্ধানত কেইবাস্থানত চলিল SITৰ অভিযান। অভিযানৰ উমান পাই পলায়ন ৰাজপত্ৰিত বিষয়াৰ।

গুৱাহাটীৰ পৰা পলায়ন কৰিছে ৰাকেশ দাস নামৰ এজন ৰাজপত্ৰিত বিষয়াই। গুৱাহাটীত নিয়োগ বিষয়া হিচাপে কৰ্মৰত নলবাৰীৰ ৰাকেশ দাস। ৰাকেশ দাস পলায়ন এক্সপাৰ্ট। এয়া চাওক। প্ৰায় ২৭ মাহ পূৰ্বে এ পি এছ চি কেলেংকাৰীক লৈ জোকাৰণিৰ সৃষ্টি হৈছিল ৰাজ্যত। কোনো বিষয়াই তেতিয়াও কোনো কথাই কোৱা নাছিল কেমেৰাৰ সন্মুখত। তেতিয়া বিল্পৱ শৰ্মাৰ তদন্ত প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈছিল ৰাকেশ দাস। তেতিয়া আয়োগৰ সন্মুখত ছ’চিয়লজি আৰু নলবাৰী শব্দটোও শুদ্ধকৈ লিখিব পৰা নাছিল ৰাকেশ দাসে ৰাকেশ পালৰ আশীৰ্বাদত এ পি এছ চিত উত্তীৰ্ণ হৈ ৰাকেশ দাসৰ দৰে একাংশ হৈছিলগৈ ৰাজপত্ৰিত বিষয়া। আৰু আয়োগৰ সন্মুখত জ্ঞানৰ নমুনা দেখুৱাই কেমেৰাৰ পৰা এইদৰেই পলাইছিল ৰাকেশ দাসে। এইবাৰো হয়তো ৰাকেশ দাস আৰু আন একাংশ এইদৰেই পলাল। হয়তো আকৌ ধৰা পৰিব কৰবাত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...