এইবাৰ কাঠগৰাত মৰাণ ছাত্ৰ সন্থা

এইবাৰ কাঠগৰাত মৰাণ ছাত্ৰ সন্থা। মৰাণ ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গৰু ব্যৱসায়ীক মৰাণ ছাত্ৰ সন্থাৰ একাংশ সদস্যই ধনদাবী কৰাৰ অভিযোগ। সংবাদমেল সম্বোধন কৰি কৰ্দৈগুৰি আঞ্চলিক যুৱক সংঘৰ বিস্ফোৰণ।

এইবাৰ গৰু চিণ্ডিকেটত সাঙুৰ খাইছে মৰাণ ছাত্ৰ সন্থাৰ নাম। তালাপ-কৰদৈগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘই। গৰু ব্যৱসায়ীৰ পৰা আঢ়ৈ লাখ টকা দাবী কৰাৰ অভিযোগ মৰাণ ছাত্ৰ সন্থাৰ বিৰুদ্ধে। আঢ়ৈ লাখৰ পৰা দুই লাখ। দুই লাখৰ পৰা গৈ এক লাখ। আৰু এক লাখৰ পৰা পঞ্চাশ হাজাৰ টকা। ইয়াৰে ১০ হাজাৰ টকা দাবী-ধমক দি সংগ্ৰহ কৰাৰ অভিযোগ কৰ্দৈগুৰি আঞ্চলিক যুৱক সংঘৰ। সংবাদমেলত সংঘই শুনালে ৰেকৰ্ডিং।

সম্পূৰ্ণ বৈধভাৱে খেতিয়কৰ পৰা গৰু ক্ৰয় কৰি বিক্ৰী কৰিবলৈ যোৱা এজন ব্যৱসায়ীৰ পৰা মৰাণ ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াই আঢ়ৈ লাখ টকা ধনদাবী কৰাৰ অভিযোগ। সিমানেই নহয়, ধন নিদিলে হত্যাৰ ভাবুকি দিয়া বুলিও গুৰুতৰ অভিযোগ সংবাদমেলত। পৰবৰ্তী সময়ত বিক্ৰী কৰিবলৈ নিয়া প্ৰতিটো গৰুৰ বাবদ মৰাণ ছাত্ৰ সন্থাই ব্যৱসায়ীৰ পৰা ৩০০ টকা উৎকোচ বিচৰাৰ অভিযোগ। শেহতীয়াকৈ মৰাণ ছাত্ৰ সন্থাই গৰু চোৰৰ পৰা টকা দাবী কৰা, জুৱাখেলৰ পৰা টকা লোৱা বুলি অভিযোগ উত্থাপিত কৰিছিল কৰ্দৈগুৰি আঞ্চলিক যুৱক সংঘৰ বিৰুদ্ধে। সামাজিক অনুষ্ঠানটোৰ সভাপতি তথা প্ৰাক্তন আলফা ৰহেন্দ্ৰ মৰাণকো টাৰ্গেট কৰিছিল সংগঠনটোৱে। তাৰেই প্ৰত্যুত্তৰ সংবাদমেলত।

মৰাণ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ পৰিৱৰ্তে মৰাণ ছাত্ৰ সন্থা সমাজবিৰোধী কাৰ্যত জড়িত হৈ পৰাৰ অভিযোগ। উত্থাপতি প্ৰতিটো অভিযোগ প্ৰমাণ কৰিবলৈ মৰাণ ছাত্ৰ সন্থাক প্ৰত্যাহ্বান ৰহন্দ্ৰ মৰাণৰ। প্ৰমাণ দিব পাৰিলেই সামাজিক জীৱন ত্যাগ কৰাৰ হুংকাৰ। মৰাণ ছাত্ৰ সন্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে গৰুৰ ব্যৱসায়ীয়ে। কিদৰে খুৱাইছিল ভয়। কেনেকৈ দিছিল ভাবুকি। সকলো বিৱৰি ক’লে সংবাদমেলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...