প্ৰতিষ্ঠিত এথলীট, ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক বিজয়ী দীপামণি ডেকাৰ পদক বিজয়ী যাত্ৰা অবিৰতভাৱে অব্যাহত আছে

প্ৰতিষ্ঠিত এথলীট, ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক বিজয়ী দীপামণি ডেকাৰ পদক বিজয়ী যাত্ৰা অবিৰতভাৱে অব্যাহত আছে। ইতিমধ্যে দ্বিতীয় ষ্টেট অপেন মাষ্টাৰ এথলেটিক চেম্পীয়নশ্বীপ ২০২৪ ত ক্ৰমে ১৫০০ মি আৰু ৫০০০ মি দৌৰত সোণৰ পদক লাভ কৰাৰ উপৰিও, পাটনা মাৰাথন ২০২৪, কোকৰাঝাৰ এনচিচি হাফ মাৰাথন ২০২৪, এচাম ৰাইফলচ্ হাফ মাৰাথন চিলং ২০২৪, বাহুৱলী হাফ মাৰাথন ২০২৪ যোৰহাট, কইল ইণ্ডিয়া ভূৱনেশ্বৰ মাৰাথন২০২৫, গল্ডেন পগৰা মাৰাথন ২০২৫, নামচাই! ষ্টেট বেংক অফ ইণ্ডিয়া গ্ৰীন মাৰাথন ২০২৫ আদি বিভিন্ন ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত. ক্ৰমে ১০ কিঃমিঃ আৰু ২১কিঃমিঃ দৌৰত অংশ গ্ৰহণ কৰি বিজয়ী পদক দখল কৰি আহিছে আৰু আজি ১৬ মাৰ্চ ২০২৫ ডেৰগাঁও মিচামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত. চিখৰ, গুটখা ড্ৰাগছৰ বিপৰীতে যোদ্ধা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হাফ মাৰাথনত ১০ কিঃমিঃ দৌৰত অংশ গ্ৰহণ কৰি ৪০ বছৰ ঊৰ্ধ্বৰ পৰ্যায়ত বিজয়ী পদক লাভ কৰে। খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে যে সন্মুখত আৰু কেইবাখনো খেলৰ বাবে অধিক শক্তিশালী ৰূপত সাজু হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...