বিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত

ফুটবল পাগল দক্ষিণ আমেৰিকা
য’ত ফুটবল হৈছে এক জীৱনশৈলী
বিশ্বকাপ ফুটবলক লৈ দক্ষিণ আমেৰিকাত দেশে দেশে সংঘাত
৪খন দেশৰ মাজত দুখন খেল পৰিণত হ’ল ৰণক্ষেত্রলৈ
এখন দেশৰ দলটোকে অপহৰণৰ অভিযোগ আন এখন দেশৰ
ক্ষুব্ধ লিঅ’নেল মেছিয়ে ত্যাগ কৰিলে খেলপথাৰ

২০২৬ৰ বিশ্বকাপ ফুটবলৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী এখন খেল আছিল পেৰু আৰু ভেনিজুৱালাৰ মাজত। খেলখন ১–১ গ’লত অমীমাংসিতভাৱে শেষ হয়। কিন্তু খেলখনক লৈ দুয়ো দেশৰ মাজত উদ্ভৱ হয় তিক্ত পৰিস্থিতি। খেলৰ পাছত ভেনিজুৱেলাৰ ভয়ংকৰ অভিযোগ– তেওঁলোকৰ ৰাষ্ট্ৰীয় দলটোক একপ্রকাৰ অপহৰণ কৰিছে পেৰুৱে ।

ভেনিজুৱেলাৰ খেলুৱৈক কঢ়িয়াই অনা বিমানত তেল ভৰোৱাত অসন্মতি পেৰুৰ
ভেনিজুৱেলাৰ ক্ষোভিত বিদেশ মন্ত্ৰীৰ অভিযোগ– অন্যধৰণে প্ৰতিশোধ লৈছে পেৰুৱে
খেলৰ পাছত ভেনিজুৱেলাৰ খেলুৱৈয়ে সমৰ্থকৰে হাত মিলাওতে আৰক্ষীৰ লাঠীচালনা
পেৰুৰ আৰক্ষীয়ে ভেনিজুৱেলাৰ সমৰ্থকক নিৰ্মম প্রহাৰৰ অভিযোগ

উল্লেখ্য যে ভেনিজুৱেলাৰ আৰ্থিক মন্দাৱস্থাৰ বাবে প্রায় ১৫ লাখ সেই দেশৰ নাগৰিক এতিয়া বাস কৰে পেৰুত। ইয়াকে লৈ দুই দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ইফালে একেধৰণৰ ঘটনা সূত্রপাত হয় আৰ্জেণ্টিনা আৰু ব্রাজিলৰ মাজত ৰিঅ’ দ্য জেনেৰিঅ’ৰ মাৰাকানা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত। খেলখনত আৰ্জেণ্টিনাই ব্রাজিলক ১–০ গ’ল পৰাস্ত কৰি দক্ষিণ আমেৰিকাৰ গ্রুপৰ পৰা শীৰ্ষত অৱস্থান কৰিছে।

মাৰাকানাত আৰ্জেণ্টিনাৰ সমৰ্থকক তীব্র প্রহাৰ ব্রাজিল আৰক্ষীৰ
খেল আৰম্ভ হোৱাৰ পূৰ্বে ষ্টেডিয়ামত ২ দেশৰ সমৰ্থকৰ মাজত ব্যাপক সংঘৰ্ষ
আৰক্ষীয়ে লাঠী লৈ আক্রমণ কৰে আৰ্জেণ্টিনাৰ সমৰ্থকসকলক
ব্রাজিলৰ আৰক্ষীয়ে আৰ্জেণ্টিনাৰ সমৰ্থকক প্ৰহাৰ কৰাত ক্ষুব্ধ খেলুৱৈ
অধিনায়ক মেছিয়ে দল লৈ ত্যাগ কৰে খেলপথাৰ

এই সংঘাতৰ বাবে প্রায় ৩০ মিনিট খেলাখন বন্ধ হৈ ৰয়। ক্ষুব্ধ মেছিয়ে আয়োজকসকলৰ সৈতে কথা পতাৰ পাছতে দল লৈ ওলাই যায় খেলপথাৰৰ পৰা। আধাঘণ্টা পাছত পুনৰ খেলপথাৰত প্রৱেশ কৰে আৰ্জেণ্টিনাৰ দলটোৱে। খেলখনৰ আৰ্জেণ্টিনাৰ হৈ গ’ল কৰে নিকোলাছ উটামেণ্ডিয়ে। উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ খেলপথাৰৰ ভিতৰতো। ব্রাজিলৰ জলিণ্টনে ৰঙা কাৰ্ড পাই খেলপথাৰৰ পৰা ওলাই আহিব লগা হ’ল।

৬খনকৈ খেলৰ পাছত ১৫ পইণ্টেৰে শীৰ্ষ স্থানত আৰ্জেণ্টিনা
৬খনৰ দুখনত জয়, ৩খনত পৰাস্ত হৈ ব্রাজিল ৬ স্থানত
ভেনিজুৱেলাই ১০ দেশৰ গ্রুপত অৱস্থান কৰিছে ৪নং স্থানত
পেৰুৱে এখন খেলতো জয়ী হ’ব নোৱাৰি বৰ্তমান আছে অন্তিম স্থানত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...