কোনে ল’ব দ্রাৱিড়ৰ স্থানত টীম ইণ্ডিয়াৰ প্রশিক্ষণৰ দায়িত্ব?

টীম ইণ্ডিয়াৰ প্রশিক্ষক পদৰ পৰা ৰাহুল দ্ৰাৱিড়ৰ বিদায়!
ক’চ হিচাপে বিশ্বকাপৰ ফাইনেলে আছিল তেওঁৰ অন্তিম খেল
বিশ্বকাপলৈ টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে আছিল দ্রাৱিড়ৰ চুক্তি
সেই পদবী অব্যাহত ৰাখিবলৈ ইচ্ছুক নহয় ৰাহুল দ্রাৱিড়

ৰবি শাস্ত্ৰীৰ পাছত প্রশিক্ষকৰূপে টীম ইণ্ডিয়াক এক নতুন মাত্ৰা দিছিল ৰাহুল দ্ৰাৱিড়ে। ২০২১ৰ নৱেম্বৰত দুবছৰৰ বাবে BCCIৰ সৈতে চুক্তি স্বাক্ষৰ কৰি টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ দায়িত্ব লৈছিল ৰাহুল দ্ৰাৱিড়ে। দ্ৰাৱিড়ৰ প্রশিক্ষণকালত ভাৰতে অষ্ট্রেলিয়া-শ্রীলংকা-নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাত জয়ী হৈছিল। ৱেষ্ট ইণ্ডিছ, বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত হৈছিল টীম ইণ্ডিয়া। T-20 বিশ্বকাপৰ ছেমি ফাইনেল, এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলিছিল ভাৰতে দ্রাৱিড়ৰ প্রশিক্ষণত।

কোনে ল’ব দ্রাৱিড়ৰ স্থানত টীম ইণ্ডিয়াৰ প্রশিক্ষণৰ দায়িত্ব?
অষ্ট্রেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাত ভি ভি এছ লক্ষ্মণ ভাৰপ্রাপ্ত প্রশিক্ষক
লক্ষ্মণকে BCCIএ পূৰ্ণকালীন প্রশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱনা
আয়াৰলেণ্ড, নিউজীলেণ্ডৰ বিৰুদ্ধেও ভাৰপ্রাপ্ত প্রশিক্ষক আছিল লক্ষ্মণ
বৰ্তমান ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুখ্য কাৰ্যবাহীৰ দায়িত্বত আছে লক্ষ্মণ

অষ্ট্রেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাৰ পাছতে টীম ইণ্ডিয়া যাব দক্ষিণ আফ্রিকা ভ্ৰমণলৈ। ৪ ডিচেম্বৰত ৰাওনা হ’বলগীয়া ভাৰতীয় দলে অহা ১০ ডিচেম্বৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে T-20 শৃংখলা আৰম্ভ হ’ব। সেয়ে হয়তো অনাগত দিনত ভি ভি এছ লক্ষ্মণেই টীম ইণ্ডিয়াৰ পূৰ্ণকালীন প্রশিক্ষক হোৱাৰ সম্ভাৱনা উজ্জ্বল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...