গোৱাৰ চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত ‘বৰুৱাৰ সংসাৰ’

গোৱাত অনুষ্ঠিত ৫৪তম আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ, ইণ্ডিয়ান পেনোৰামা শাখাত ২২ নৱেম্বৰ তাৰিখে ‘বৰুৱাৰ সংসাৰ’ নামৰ তথ্যচিত্ৰখনৰ বিশ্ব প্ৰীমিয়াৰ হয়। উল্লেখযোগ্য যে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু কন্ঠশিল্পী দ্বীপেন বৰুৱাৰ গুৱাহাটীৰ লতাশিলত অৱস্থিত ঐতিহ্যমণ্ডিত ঘৰটোৱে ১০০ বছৰ পূৰ্ণ কৰে। অসমৰ চিনেমাজগত সংগীত- সংস্কৃতি, খেল, ৰাজনীতি আদি সকলো ক্ষেত্ৰতে বিশেষ বৰঙণি আগবঢ়োৱা এই পৰিয়ালটি আৰু শত বছৰ গৰকা তেখেতসকলৰ ঘৰটিৰ ওপৰত নিৰ্মিত এই তথ্যচিত্ৰখনৰ প্ৰদৰ্শনী আৰু লগতে হোৱা ৰেড কাৰ্পেট অনুষ্ঠানত উপস্থিত থাকে তথ্যচিত্ৰখনৰ পৰিচালক উৎপল বৰপূজাৰী, প্ৰযোজক নয়ন প্ৰসাদ, চাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়ন, সম্পাদক ঝুলন কৃষ্ণ মহন্ত। প্ৰায় ৭১ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনে সামৰি লৈছে প্ৰয়াত ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ জীৱন্ত কিংবদন্তি ৰমেন বৰুৱা, দ্বীপেন বৰুৱাৰ চলচিত্ৰ আৰু সাংগীতিক যাত্ৰা। এই তথ্যচিত্ৰখনৰ আন দুগৰাকী প্ৰযোজক হৈছে জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়া। তথ্যচিত্ৰখনৰ মুখ্য সহকাৰী পৰিচালনা ভাস্কৰ জ্যোতি দাসৰ, চিত্ৰগ্ৰহণ ৰিতুৰাজ শিৱমৰ, গৱেষণা আৰু সহকাৰী পৰিচালনা মনস্বিনী ৰুণুমী মহন্তৰ, কালাৰ গ্ৰেডিং বিশ্বজিত দাসৰ, ড্ৰোণ চিত্ৰগ্ৰহণ প্ৰয়াস শৰ্মা তামুলীৰ, গ্ৰাফিক্স দীপজ্যোতি সন্দিকৈ আৰু পোষ্টাৰ ডিজাইন অংকুৰ বৰুৱা আৰু চন্দন সিংৰ। উল্লেখযোগ্য যে এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ছখন ছবি তথ্যচিত্ৰ শিতানত প্ৰদৰ্শিত হৈছে য’ত আন এটি উল্লেখযোগ্য দিশ হ’ল যে শব্দ গ্ৰহণত ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰ প্ৰাপ্ত শব্দযন্ত্ৰী দেৱজিৎ গায়নৰ ছাউণ্ড ডিজাইনিংৰ ৪ খন তথ্যচিত্ৰ প্ৰদৰ্শিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...