চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন। ২০২৭ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলাব চন্দ্ৰযান-৫ অভিযান। জোনবাইৰ পৃষ্ঠভূমিৰ অনুসন্ধানৰ বাবে চন্দ্ৰযান-৫এ নিব বৃহৎ আকাৰৰ ৰ’ভাৰ। চন্দ্ৰপৃষ্ঠৰ গৱেষণাত ব্যৱহৃত হ’ব ২৫০ কিলো ওজনৰ ৰ’ভাৰ। ২০০৮ চনত প্ৰথমবাৰলৈ আয়োজিত হৈছিল চন্দ্ৰযান-১ অভিযান। চন্দ্ৰযান-৩ৰ কালত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল লেণ্ডাৰ বিক্ৰম। ২০২৪ত ISROএ পাইছিল চন্দ্ৰযান-৪ৰ অভিযানৰ অনুমোদন। ২০২৮ চনত মহাকাশলৈ নিক্ষেপিত হ’ব চন্দ্ৰযান-৪ৰ বাবে মহাকাশযান। ভাৰতৰ চন্দ্ৰযান-৪ আৰু চন্দ্ৰযান-৫ অভিযানত সহযোগ কৰিব জাপানে। ISROৰ অধ্যক্ষ ভি নাৰায়ণনে সদৰি কৰিলে চন্দ্ৰযান-৫ত কেন্দ্ৰৰ অনুমোদনৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...