প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ পৰিণতি, কিশোৰীৰ গাত এচিড ঢালিলে নৰপিশাচ ছামিনুলে

জঘন্য, পাশৱিক, অমানৱীয়! ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। ৩০ নৱেম্বৰত হাজোৰ হাবলাখাত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা ঘটনাটো। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই অষ্টম শ্ৰেণীৰ ছাত্ৰীক এচিড আক্ৰমণ কৰিলে ছামিনুল আলী নামৰ নৰপিশাচটোৱে। আইতাকৰ ঘৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হৈছিল এচিড আক্ৰমণৰ ঘটনা। সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত ছামিনুল আলী। আনফালে অতি সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। এচিড আক্ৰমণত ৭০/৮০ শতাংশ দেহ জ্বলিছে কিশোৰীগৰাকীৰ। পৰিয়ালৰ দাবী চৰকাৰে উচিত শাস্তি দিয়ক অভিযুক্ত ছামিনুলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...