ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে এক কঠোৰ সিদ্ধান্ত

গো-মাংসক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে হঠাৎ বুধবাৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে এক কঠোৰ সিদ্ধান্ত। এতিয়াৰে পৰা ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল গো-মাংস। হোটেল, ৰেস্তোঁৰা আদিতো বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। আনকি ৰাজহুৱা অনুষ্ঠানতো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গো-মাংস। গো-মাংসৰ ভক্ষণ কৰিব নোৱাৰিব কোনো সমূহীয়া অনুষ্ঠানত। বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। কেবিনেটৰ অন্তত গো-মাংস নিষিদ্ধ কৰা সিদ্ধান্ত সন্দৰ্ভত সংবাদমেলত অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে সদ্য সমাপ্ত উপ নিৰ্বাচনৰ সময়ৰে পৰা গো-মাংসক লৈ উত্তাল হৈ আছিল ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ চামগুৰি সমষ্টিত বিজেপি দলে গো-মাংসৰে ভোজ–ভাত দি সংখ্যালঘুৰ ভোট লোৱা বুলি মুকলিকৈ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ এই অভিযোগক লৈ তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি। সাংসদ ৰকিবুল হুছেইনৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। আনকি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখিতভাৱে দিলে অসমত গো-মাংস নিষিদ্ধ কৰিব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন অথবা ভূপেন বৰাই গো-মাংস নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক পত্ৰ দিলে নে নাই সেয়া জানিব পৰা হোৱা নাই যদিও বুধবাৰে দিল্লীত কেবিনেট বৈঠক পাতি অসমত গো-মাংস নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে অসম বিধানসভাতো চোৰাং গৰু ব্যৱসায় বন্ধ কৰা আৰু গো–মাংসৰ ব্যৱহাৰক লৈ নতুন আইন প্ৰৱৰ্তন কৰিছিল ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...