যোৰহাট জিলা কবি সন্মিলনৰ বিভিন্ন বঁটা,সন্মান ঘোষণা

যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ মৰিয়নি অধিবেশন খনি অহা ১ ফেব্ৰুৱাৰী তাৰিখে মৰিয়নি শাখা কবি সন্মিলনৰ আতিথ্যত মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব ৷ তদুপলক্ষে জিলা কবি সন্মিলনৰ সভাপতি ড°পৰাণ বৰুৱাই পুৱা সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিবলগীয়া দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে স্থানীয় মহাদেৱ আগৰবালা উঃমাঃ বিদ্যালয়ত ২০২৩-২৫ বৰ্ষৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হব। পুৱাবেলা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আদৰণী সমিতিৰ সৌজন্যত অনুষ্ঠিত হব ৷ দুপৰীয়া ১২ বজাত শিশিৰ কুমাৰ বৰঠাকুৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হৱলগীয়া মুকলি সভা উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ড° মানিক শইকীয়াই আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা , প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনকে আদি কৰি কেন্দ্ৰীয় নেতৃত্বৰ লগতে শিৱসাগৰ , গোলাঘাট আৰু মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ক্ৰমে ড° দিগন্ত গগৈ , অমৰ শৰ্মা আৰু যুগল হাজৰিকা সন্মানীয়অতিথি হিচাপে উপস্থিত থাকিব ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি চেনিৰাম গগৈ আৰু কৃষ্ণকায় মাঝি ৷ বিয়লি ‘বিপুল ৰেগন সোঁৱৰণী সতীৰ্থ কবি সন্মিলন’ খন উদ্বোধন কৰিব কবি গীতিকাৰ হেমচন্দ্ৰ গগৈয়ে আৰু সঞ্চালনা কৰিব কবি অনুবাদক ড° কুমুদ ঘোষে। কবি সন্মিলন খনিত আমন্ত্ৰিত বিশিষ্ট কবি হিচাপে ড° প্ৰাঞ্জলজ্যোতি দত্ত আৰু ডা° মাখন কলিতা উপস্থিত থাকিব ৷

অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিবাৰে আগবঢ়োৱা বিভিন্ন বঁটা সমূহ এইবছৰো আগবঢ়োৱা হব ৷ ইতিমধ্যে নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা অনুসৰি ২০২৩-২৫ বৰ্ষৰ জীৱনযোৰা কাব্য সাধনা বঁটা এইবাৰ আগবঢ়োৱা হৈছে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাাপক সম্পাদক , অসমৰ এগৰাকী বিশিষ্ট কবি আনন্দ চন্দ্ৰ দত্তক ৷ ত্ৰিগুণ মহন্ত সোঁৱৰণী গাণ্ডীৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট আবৃত্তিকাৰ , কাব্য সংগঠক , নাট্যকৰ্মী যোগানন্দ বৰাক ৷ ৰশ্মিৰেখা বৰুৱা সোঁৱৰণী কাব্যসৌৰভ সন্মান আগবঢ়োৱা হৈছে প্ৰবীণ কবি দুলাল গোস্বামীক আৰু পাৰ্থবিজয় দত্ত সোঁৱৰণী কাব্যসৌৰভ সন্মান এইবছৰ মৰণোত্তৰ ভাবে আগবঢ়োৱা হৈছে কবি গীতিকাৰ ৺ অজিত কুমাৰ বৰদলৈক ৷ বিমলা চুতীয়া সোঁৱৰণী কাব্যপ্ৰভা সন্মান আগবঢ়োৱা হৈছে তিতাবৰৰ জেষ্ঠ্যা কবি সুলেখিকা লক্ষিমী দুৱৰা বৰদলৈ আৰু টীয়কৰ বিশিষ্ট কবি যোগমায়া সন্দিকৈ শইকীয়াক ৷ ডা° সঞ্জীৱ দত্ত সোঁৱৰণী ভোগদৈপাৰৰ শ্ৰেষ্ঠ কবি সন্মান এইবছৰ লাভ কৰিছে যোৰহাটৰ যুৱকবি অংকুৰ বৰগোহাঞিয়ে। ড° চৈয়দ মছৰুফ হুছেইন – চৈয়দা নাজমী হুছেইন সোঁৱৰণী কাব্যদীপ বঁটা লাভ কৰিছে যুৱ কবি অচ্যুৎ কুমাৰ বৰাই ( পাণ্ডুলিপি – প্লাষ্টিকৰ পৃথিৱী )
৺পদ্মকান্ত ৰেগন-
বিপুল ৰেগন সোঁৱৰণী শ্ৰেষ্ঠ অনুবাদকৰ বঁটা লাভ কৰিছে কবি অনুবাদক ড° কুমুদ ঘোষে আৰু ৺দেবেন বৰা সোঁৱৰণী যুৱ কবি বঁটা লাভ কৰিছে তিতাবৰৰ যুৱ কবি অংকুৰজ্যোতি বুঢ়াগোহাঁয়ে।

উল্লেখযোগ্য যে এই বঁটা সমূহৰ লগতে সাংগঠনিক পাৰদৰ্শিতাৰ ভিত্তিত শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিছে যোৰহাট মহানগৰ শাখা কবি সন্মিলনে আৰু দ্বিতীয় শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিছে নকছাৰি শাখা কবি সন্মিলনে ৷ শ্ৰেষ্ঠ শাখাৰ মুখপত্ৰ হিচাপে নিৰ্বাচিত হৈছে পশ্চিম যোৰহাট শাখাৰ মুখপত্ৰ ’নিনাদ’ ( সম্পাদক – ভৰত চন্দ্ৰ বৰা ) আৰু শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰিছে ক্ৰমে ৰঞ্জনা ভূঞা ( মণিকাঞ্চন শাখা) বসন্ত কুমাৰ বৰা ( জিলাৰ সহঃসম্পাদক) বন্দিতা বুঢ়াগোহাঁই ( মৰিয়নি শাখা) অভিজিত খটীয়া বৰুৱা ( কাকজান শাখা ) আৰু মিনু স্বৰ্ণকাৰ ( যোৰহাট মহানগৰ শাখা ) ৷
ইয়াৰোপৰি জিলাৰ হৈ বিশেষ সম্বৰ্দ্ধনা আগবঢ়োৱা হব বিশিষ্টা আবৃত্তিকাৰ শান্তিছায়া শইকীয়া ( কাকজান ) আৰু চন্দ্ৰধৰ বৰাক (পশ্চিম যোৰহাট )৷ লগতে আদৰণী সমিতিৰ তৰফৰ পৰাও কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তিক মুকলি সভাতে সম্বৰ্দ্ধনা জনোৱা হৱ বুলি যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামীয়ে জনাইছে।

উল্লেখযোগ্য যে মুকলি সভাত আদৰণী সমিতিৰ মুখপত্ৰ “নাহৰ’’ আৰু যোৰহাট জিলা কবি সন্মিলনৰ পুখপত্ৰ “গাণ্ডীৱ’ উন্মোচন কৰাৰ লগতে কবি ৰাজীৱ পৱন বৰুৱা ৰ শব্দৰ ছবি কাব্যসংকলন উন্মোচিত হব বুলি আদৰণী সমিতিৰ সভাপতি প্ৰীতম কুমাৰ শইকীয়া আৰু সম্পাদক বন্দিতা বুঢ়াগোহাঁই এ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...