বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!

ধুমুহা বতাহে বিচাৰি উলিয়ালে ৰেঞ্জাৰৰ পৰিচয়!
বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!
ধুমুহাৰ অচিলাৰে তেওঁ ধুমুহা গতিত কৰিছে বনধ্বংস

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দক্ষিণ বন সংমণ্ডলৰ ৰেঞ্জাৰ এইজন মনছিং টিছ’ৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। অভিযোগ মতে খেৰণিত ৰেঞ্জাৰ মনছিং টিচ্ছ’ৰ নেতৃত্বতে ধুমুহাত ক্ষতিগ্ৰস্ত গছৰ নামত মূল্যবান গছ কাটি তহিলং কৰা হৈছে। তাৰ জলন্ত উদাহৰণ এই সমূহ দৃশ্য। প্ৰায় ৪ মাহ পূৰ্বে জিলাখনত কেইবাটাও বিধ্বংসী ধুমুহাই গছ–গছনি, ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি কৰিছিল। আৰু তাৰ অচিলাৰেই এতিয়া বন বিভাগৰ পৃষ্ঠপোষকতাত ব্যাপক বনধ্বংসৰ অভিযোগ উঠিছে। খেৰণিৰ দক্ষিণ বন সংমণ্ডলৰ অধীন থকা কেকাং জালজুৰি আৰু আমৰেঙৰ ছাৰ্ছিম সংৰক্ষিত বনাঞ্চলৰত ধুমুহাত ভঙা গছ কটাৰ নামত মূল্যবান ভাল গছ কাটি তহিলং কৰিছে। আৰু এই বনধ্বংসৰ নেতৃত্বত খোদ ৰেঞ্জাৰ মনছিং তিছ’ থকা বুলি স্থানীয় ৰাইজে উত্থাপন কৰিছে অভিযোগ। ৰেঞ্জাৰ মনছিং তিছ’ৰ বিৰুদ্ধে বন ধ্বংসৰ অভিযোগ এয়েই প্ৰথম নহয়। অভিযোগ মতে ৰেঞ্জাৰ মনছিং তিছ’ য’লৈকে যায় তাতে চলায় বনজসম্পদৰ লুণ্ঠন। কিন্তু কাৰ বলত বলিয়ান এইজন ৰেঞ্জাৰ মনছিং তিছ’? অভিযোগ মতে কাৰ্বি পৰিষদৰ তিছ’ উপাধীৰ এগৰাকী প্ৰভাৱশালী কাৰ্যবাহী সদস্যৰ ছত্ৰছায়াত ৰেঞ্জাৰ মনছিং তিছ’ এণ্ড কোম্পানীয়ে চলাইছে বনধ্বসংযজ্ঞ। সেয়ে মুখ্যকাৰ্যবাহী তুলিৰাম ৰংহাঙক বিষয়টোত হস্তক্ষেপ কৰি সেউজ কাৰ্বীপাহাৰক ৰক্ষা কৰাৰ আহ্বান ৰাইজৰ। কাৰণ কেবল গছেই নহয় ৰেঞ্জাৰ মনছিং তিছ’ৰ নেতৃত্ব শিল বালিৰো ব্যপক ছিণ্ডিকেট চলাৰ অভিযোগ বহু পুৰনি। পৰ্যায়ক্ৰমে আমি ফাদিল কৰিম কাৰ্বি পাহাৰত চলা বনধ্বংসৰ বহু অকথিত কাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...