উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি ১০ দফীয়া দাবীত ৰাজ্যৰ কেইবাখনো জিলাত প্ৰতিবাদ সাব্যস্ত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ।

কোকৰাঝাৰ, গোৱালপাৰা, বিলাসীপাৰা আৰু কাজলগাঁৱত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৱে ৰূপায়ণ কৰে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

উচ্ছেদিত লোকক পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদান, সংখ্যালঘু লোকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান, শিক্ষা বিভাগৰ খালী পদ পূৰণ, স্নাতক শিক্ষক আৰু সহকাৰী অধ্যাপক নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।

লগতে উচ্ছেদৰ নামত ৰাজনীতি আৰু বৈষম্য বন্ধ কৰা, সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰাৰো দাবী জনায় আমছুৱে।

প্ৰতিবাদস্থলীৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। অনতি পলমে দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ আমছুৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘আম্বানীয়েই ভাৰতৰ প্ৰকৃত মুৰব্বী নেকি?’ ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰক লৈ ইলন মাস্কৰ প্ৰশ্ন

ভাৰতত নিজৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক (Starlink) আৰম্ভ কৰাত...

নানা পাটেকাৰৰ মৃত্যুক লৈ গোচৰ ৰুজু গোৱা আৰক্ষীৰ, গোৱাৰ মণিপাল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা

বলিউডৰ জ্যেষ্ঠ অভিনেতা নানা পাটেকাৰৰ মৃত্যুৰ পিছতে গোচৰ ৰুজু...