অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ! স্পৰ্শকাতৰ স্থানত নিয়োজিত কেইবাগৰাকীও অগ্নিবীৰৰ ছ’চিয়েল মিডিয়া একাউণ্ট নিৰীক্ষণ কৰিছে নিৰাপত্তা সংস্থাই।

চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি, সন্দেহজনক ‘হানী ট্ৰেপ’ নেটৱৰ্কৰ সৈতে যোগাযোগ কৰা কেইবাগৰাকীও অগ্নিবীৰক চিনাক্ত কৰা হৈছে। অনলাইন যোগাযোগৰ জৰিয়তে তেওঁলোকে কোনো গোপনীয় তথ্য বিনিময় কৰিছিল নেকি, সেই সন্দৰ্ভতো চলিছে তদন্ত।

তদন্তত পোহৰলৈ আহিছে যে বহু অগ্নিবীৰ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। সেয়েহে কেইবাগৰাকীও অগ্নিবীৰ বৰ্তমান নিৰাপত্তা সংস্থাৰ নিৰীক্ষণৰ আওতাত আছে।

বিদেশী চোৰাংচোৱা সংস্থাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাৰতীয় সেনা বিষয়া আৰু জোৱানক প্ৰলোভিত কৰি পাছত ব্লেকমেইল কৰাৰ অভিযোগ পূৰ্বৰে পৰা আছে। ইংৰাজী আৰু উৰ্দুভাষী মহিলাৰ জৰিয়তে ফেচবুক, হোৱাটছএপ আৰু অন্যান্য অনলাইন প্লেটফৰ্মত যোগাযোগ স্থাপন কৰি তথ্য সংগ্ৰহৰ চেষ্টা চলোৱাৰ অভিযোগ আছে।

ইফালে, সেনাই ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত কিছু শিথিলতা আনিলেও ব্যৱহাৰৰ ওপৰত কঠোৰ নিৰ্দেশনা বাহাল আছে। ইনষ্টাগ্ৰাম, ইউটিউব, এক্স আৰু ফেচবুক কেৱল তথ্য চোৱা আৰু নিৰীক্ষণৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। পোষ্ট কৰা, মন্তব্য কৰা, শ্বেয়াৰ কৰা, ৰিয়েক্ট কৰা বা মেছেজ পঠিওৱাৰ অনুমতি নাই।

আনহাতে, হোৱাটছএপ, টেলিগ্ৰাম, ছিগনেল আৰু স্কাইপত সাধাৰণ আৰু গোপনীয়তা নথকা তথ্য বিনিময় কৰিব পাৰি। কিন্তু এনে যোগাযোগ কেৱল পৰিচিত লোকৰ সৈতেহে কৰিব পাৰিব।

উল্লেখ্য, বিগত সময়ত আই এছ আইৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত কেইবাগৰাকীও প্ৰতিৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। ২০১৮ চনত ব্ৰহ্ম’ছ এৰোস্পেচৰ অভিযন্তা নিশান্ত আগৰৱাল আৰু বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন অৰুণ মাৰৱাহক ‘হানী ট্ৰেপ’ৰ জৰিয়তে গোপনীয় তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নানা পাটেকাৰৰ মৃত্যুক লৈ গোচৰ ৰুজু গোৱা আৰক্ষীৰ, গোৱাৰ মণিপাল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা

বলিউডৰ জ্যেষ্ঠ অভিনেতা নানা পাটেকাৰৰ মৃত্যুৰ পিছতে গোচৰ ৰুজু...

ফ্লাইডুবাইৰ বিমান দুৰ্ঘটনা ৰোধ কৰি বীৰত্বৰ পৰিচয়! ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মানিত কৰিব ইজৰাইলে

আকাশমাৰ্গত এক ভয়াৱহ দুৰ্ঘটনা প্ৰতিৰোধ কৰি শতাধিক যাত্ৰীৰ জীৱন...

নোবেল শান্তি বঁটা পোৱাৰ যোগ্য বুলি দাবী ট্ৰাম্পৰ, তথাপি বঁটা লাভক লৈ সন্দিহান

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৬ বৰ্ষৰ নোবেল শান্তি বঁটা...