এইবাৰ হলীউড কঁপাবলৈ সাজু আলিয়া ভাট

প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকনৰ পিছত এইবাৰ আন এগৰাকী বলীউড তাৰকাই কঁপাব হলীউড। এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰিবলৈ সাজু হৈছে আলিয়া ভাট। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিব হাৰ্ট অৱ ষ্টন চিনেমাখনত। আলিয়া ভাটৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰিব গাল গেডট আৰু জেমি ডৰ্নানেও। স্পাই থ্ৰীলাৰ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশৰ বাবে সাজু হৈছে ভাৰতীয় বিউটী কুইন আলিয়াই। শেহতীয়াভাবে মুক্তিপ্ৰাপ্ত গংগুবাই কাঠিৱাবাড়ি চিনেমাখনক লৈ দেশজুৰি চৰ্চিত হৈ আছে আলিয়া ভাট। যৌনকৰ্মীৰ জীৱনক লৈ নিৰ্মিত চিনেমাখনত আলিয়া ভাটৰ অভিনয় উচ্চ প্ৰশংসিত হৈছে। ইতিমধ্যে সমগ্ৰ দেশতে চিনেমাখনৰ সংগীতেও খলকনি তুলিছে। নতুন ছবিখন পৰিচালনা কৰিব টম হাৰ্পাৰে। আনুষ্ঠানিকভাবে এই কথা সদৰি কৰিছে নেটফ্লিক্সে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰা, ঐশ্বৰ্য ৰায় বচ্চন, অনিল কাপুৰ, ইৰফান খান আৰু আলী ফজলকে ধৰি কেইবাগৰাকী তাৰকাই হলীউডত অভিনয় কৰিছে। আনহাতে, আলিয়া ভাটে বলীউডৰ ছবি প্ৰখ্যাত পৰিচালক এছ এছ ৰাজামৌলিৰ RRRত দৰ্শকে দেখিবলৈ পাব। একেদৰে শ্বাহৰুখ খানৰ সৈতে দাৰ্লিং আৰু ফাৰহান আখতাৰৰ জি লে জাৰা চিনেমাখতো দুৰ্দান্ত অভিনয় কৰিছে আলিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...