এইবাৰ হলীউড কঁপাবলৈ সাজু আলিয়া ভাট

প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকনৰ পিছত এইবাৰ আন এগৰাকী বলীউড তাৰকাই কঁপাব হলীউড। এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰিবলৈ সাজু হৈছে আলিয়া ভাট। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিব হাৰ্ট অৱ ষ্টন চিনেমাখনত। আলিয়া ভাটৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰিব গাল গেডট আৰু জেমি ডৰ্নানেও। স্পাই থ্ৰীলাৰ চিনেমাখনৰ জৰিয়তে আত্মপ্ৰকাশৰ বাবে সাজু হৈছে ভাৰতীয় বিউটী কুইন আলিয়াই। শেহতীয়াভাবে মুক্তিপ্ৰাপ্ত গংগুবাই কাঠিৱাবাড়ি চিনেমাখনক লৈ দেশজুৰি চৰ্চিত হৈ আছে আলিয়া ভাট। যৌনকৰ্মীৰ জীৱনক লৈ নিৰ্মিত চিনেমাখনত আলিয়া ভাটৰ অভিনয় উচ্চ প্ৰশংসিত হৈছে। ইতিমধ্যে সমগ্ৰ দেশতে চিনেমাখনৰ সংগীতেও খলকনি তুলিছে। নতুন ছবিখন পৰিচালনা কৰিব টম হাৰ্পাৰে। আনুষ্ঠানিকভাবে এই কথা সদৰি কৰিছে নেটফ্লিক্সে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰা, ঐশ্বৰ্য ৰায় বচ্চন, অনিল কাপুৰ, ইৰফান খান আৰু আলী ফজলকে ধৰি কেইবাগৰাকী তাৰকাই হলীউডত অভিনয় কৰিছে। আনহাতে, আলিয়া ভাটে বলীউডৰ ছবি প্ৰখ্যাত পৰিচালক এছ এছ ৰাজামৌলিৰ RRRত দৰ্শকে দেখিবলৈ পাব। একেদৰে শ্বাহৰুখ খানৰ সৈতে দাৰ্লিং আৰু ফাৰহান আখতাৰৰ জি লে জাৰা চিনেমাখতো দুৰ্দান্ত অভিনয় কৰিছে আলিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...