এমাহ পূৰ্বে জামিন লাভ কৰা ইমৰান হুছেইনক পুনৰ গ্ৰেপ্তাৰ

এমাহ পূৰ্বে জামিন লাভ কৰা ইমৰান হুছেইনক পুনৰ গ্ৰেপ্তাৰ। নগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ইমৰান হুছেইন ওৰফে ইৰানক। হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে ইৰানক। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ৩২৫৫/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইৰানক। এমাহ পূৰ্বে জামিন লাভ কৰা ইৰাণৰ বিৰুদ্ধে পুনৰ ৰুজু হৈছিল সম্পত্তি দখলৰ গোচৰ। নগাঁৱত আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰিছিল ইৰানক। বহু লোকক সুদত ধন দি সৰ্বস্বান্ত কৰাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হৈছিল। বহু মহিলাক টকা ধাৰলৈ দি আপত্তিজনক ফটো উঠোৱাৰো অভিযোগ। ধাৰ পৰিশোধ নকৰালৈকে ব্লেকমেইল কৰাৰ অভিযোগ ইৰানৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...