এমাহ পূৰ্বে জামিন লাভ কৰা ইমৰান হুছেইনক পুনৰ গ্ৰেপ্তাৰ

এমাহ পূৰ্বে জামিন লাভ কৰা ইমৰান হুছেইনক পুনৰ গ্ৰেপ্তাৰ। নগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ইমৰান হুছেইন ওৰফে ইৰানক। হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে ইৰানক। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ৩২৫৫/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইৰানক। এমাহ পূৰ্বে জামিন লাভ কৰা ইৰাণৰ বিৰুদ্ধে পুনৰ ৰুজু হৈছিল সম্পত্তি দখলৰ গোচৰ। নগাঁৱত আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰিছিল ইৰানক। বহু লোকক সুদত ধন দি সৰ্বস্বান্ত কৰাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হৈছিল। বহু মহিলাক টকা ধাৰলৈ দি আপত্তিজনক ফটো উঠোৱাৰো অভিযোগ। ধাৰ পৰিশোধ নকৰালৈকে ব্লেকমেইল কৰাৰ অভিযোগ ইৰানৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...