বঙাইগাঁও আৰক্ষীৰ জালত পৰিল ৩ জেহাদী

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে জেহাদীৰ সংখ্যা, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে জেহাদৰ শিপা। বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত ৩ জেহাদী। শেহতীয়াকৈ ত্ৰিপুৰাত গ্ৰপ্তাৰ কৰা ৩ আণচাৰুল বাংলা টিমৰ সদস্যৰ স্বীকাৰোত্তিৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য। বঙাইগাঁও আৰক্ষীয়ে সম্প্ৰতি গ্ৰপ্তাৰ কৰা ৩ জন ব্যক্তিকে জেৰা অব্যাহত ৰাখিছে। ২০২২ চনৰ ৮ এপ্ৰিল তাৰিখে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ চিপাহী জিলাৰ পৰা আটক কৰে এই ৩ জেহাদীক। বঙাইগাঁওৰ যোগাঘোপা থানাত ৫৬ / ২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

বৰপেটাত গ্ৰেপ্তাৰ হোৱা ধৃত জেহাদীৰ স্বীকাৰোক্তিত লাভ কৰা তথ্যৰ ভিত্তিত তিনিওৰে সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে৷ তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী, যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল৷ অল কায়দাৰে সম্পৰ্ক থকা এবিটি নামৰ সংগঠনটোৱে ইতিমধ্যে বঙাইগাঁও জিলাত শ্লীপাৰ চেল স্থাপন কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই৷ ধৃত তিনিওকে আজি বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...