কিয় ভাৰতৰ শ্ৰেষ্ঠ গ্ৰন্থাগাৰিক বুলি কোৱা হয় এই গৰাকী ব্যক্তিক?

ক্ষীণ, লাজকুৰীয়া হাঁহি মাৰি থকা এগৰাকী ব্যক্তি। নাম পালম কল্যাণসুন্দৰম। তেওঁ তেনেই সাধাৰণ। শিশুসুলভ ভাৱে প্ৰতিটো কথাই কয়, কন্ঠস্বৰ উচ্চ, আপুনি তেওঁৰ সৈতে কথা পাতিলে অনুমান কৰিব পাৰিব তেওঁৰ ব্যক্তিত্বৰ কথা। তেওঁ বিভিন্ন অনুষ্ঠানত বহুতো বঁটা লাভ কৰিছে আৰু এই সন্মানসমূহেৰে লাভ কৰা টকাৰ ৩০ কোটি টকা তেওঁ দূখীয়ালোকক দান কৰিছে। তামিলনাডুৰ থিৰুনেলভেলি জিলাৰ মেলাকাৰিভেলামকুলামত জন্মগ্ৰহণ কৰা কল্যাণসুন্দৰমে খুব কম বয়সতে তেওঁৰ দেউতাকক হেৰুৱায়। তেওঁৰ মাতৃয়েই তেওঁক দৰিদ্ৰলোকৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

Behindwoods Gold Medals Eminence Award winner Palam Kalyanasundaram's speech

কল্যাণসুন্দৰমে পুথিভঁৰাল বিজ্ঞানত স্বৰ্ণ পদক আৰু সাহিত্য আৰু ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। শ্ৰীবাইকুন্তমৰ কুমাৰকুৰুপাৰা আৰ্টছ কলেজত তেওঁৰ ৩৫ বছৰীয়া চাকৰী জীৱনৰ সময়ছোৱাত, তেওঁ নিষ্ঠাৰে আৰু স্ব-ইচ্ছাৰে তেওঁৰ প্ৰতি মাহৰ দৰমহাৰ পৰা অলপ অলপ টকা দান কৰিছিল আৰু তেওঁৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে তেওঁ এটা অদ্ভুত কাম কৰিছিল। চাকৰীৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ দিনত দুবাৰ আহাৰ গ্ৰহণ কৰিছিল আৰু সামান্য দৰমহাৰ বিনিময়ত এখন হোটেলত ৱেইটাৰ হিচাপে কাম কৰিছিল যাতে তেওঁ অনাথ আশ্ৰম আৰু শিশুৰ শৈক্ষিক পুঁজিলৈ দান অব্যাহত ৰাখিব পাৰে।

P Kalyanasundaram librarian donating all his earnings to the poor

মানৱতাৰ প্ৰতি কল্যাণসুন্দৰমে আগবঢ়োৱা সেৱাৰ বাবে তেওঁক পুৰস্কৃত কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে তেওঁক ‘ভাৰতৰ শ্ৰেষ্ঠ গ্ৰন্থাগাৰিক’ হিচাপে স্বীকৃতি দিছিল। আন্তৰ্জাতিক জীৱনীমূলক কেন্দ্ৰ, কেমব্ৰিজে তেওঁক ‘Noblest of the World’ হিচাপে সন্মানিত কৰিছে। লগতে ৰাষ্ট্ৰসংঘই তেওঁক বিংশ শতিকাৰ আটাইতকৈ উৎকৃষ্ট ব্যক্তি হিচাপে বিবেচিত কৰিছে। তেওঁ ২০১১ চনত ৰোটাৰী ক্লাব অৱ ইণ্ডিয়াৰ পৰা ‘মেন অফ দ্য মিলিনিয়াম’ বঁটা আৰু ‘লাইফ টাইম অফ চাৰ্ভিচ’ বঁটা লাভ কৰিছিল।

Kalyana Sundaram: కలియుగ దానకర్ణుడు..మ్యాన్ ఆఫ్ ద మిలీనియం.. ఈ తాతగారు 36  ఏళ్ల జీతం సహా రూ.30 కోట్లు పేదలకు దానం | Kalyana sundaram librarian the man  of the millennium charity is ...

কল্যাণসুন্দৰমে এখন সৰু গাওঁত বাস কৰিছিল য’ত ৰাস্তা, বাছ, বিদ্যালয়, বিদ্যুতৰ কোনো ব্যৱস্থা নাছিল। তেওঁ বিদ্যালয়লৈ যাবৰ কাৰণে ১০ কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল আৰু অকলে সেই পথত খোজ কঢ়াটো তেওঁৰ এটা সুন্দৰ অকলশৰীয়া অভিজ্ঞতা হৈছিল। সেই সময়ত কল্যাণসুন্দৰমে ধাৰণা কৰিছিল যে, যদি কল্যাণসুন্দৰমে বেছিভাগ শিশুক তেওঁৰ সৈতে বিদ্যালয়লৈ আহিবলৈ অনুপ্ৰাণিত কৰিব পাৰে, তেন্তে সেইসময়টো যথেষ্ট আনন্দদায়ক হ’ব।”

কল্যাণসুন্দৰমে জনায় যে, ধনে তেওঁক প্ৰভাৱিত নকৰে। “ব্যক্তি এজনে তিনিটা উপায়েৰে টকা লাভ কৰিব পাৰে। উপাৰ্জনৰ জৰিয়তে, পিতৃ-মাতৃৰ উপাৰ্জনৰ জৰিয়তে, কাৰোবাৰ দ্বাৰা দান কৰা ধনৰ জৰিয়তে। কিন্তু নিজৰ উপাৰ্জনৰ পৰা ধন দান কৰিবলৈ সক্ষম হোৱাতো অধিক গুৰুত্বপূৰ্ণ।” পালম কল্যাণসুন্দৰমে সাম্প্ৰতি চেন্নাইৰ ছাইদাপেটৰ এটা সৰু ঘৰত সৰল জীৱন যাপন কৰি আছে।

NKTV Digital
Author: NKTV Digital

378 COMMENTS

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...