মিছা প্ৰমাণিত হ’ল বিগ-বিৰ পুত্ৰ-বোৱাৰীৰ বিবাহ-বিচ্ছেদৰ খবৰ

সকলো উৰাবাতৰিৰ মাজতে একেলগে দেখা গ’ল বলিউডৰ জনপ্ৰিয় দম্পতি ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনক। সুন্দৰ মুহূৰ্তটোৱে সকাহ দিছে দম্পতীটোৰ অনুৰাগীসকলক। বিগত কেইটামান মাহত অবিৰতভাৱে চৰ্চিত হৈছিল ঐশ্বৰ্য-অভিষেকৰ বিবাহ-বিচ্চেদৰ খবৰ। সামাজিক মাধ্যমত চলিছিল ভিন্ন গুজব। বিগত বৰ্ষত ব্যক্তিগত কিছু কাৰণত স্বামীৰ পৰিয়ালৰ পৰা পৃথকে আছিল ঐশ্বৰ্য ৰায়। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত কন্যাৰ সৈতে অকলেই উপস্থিত হৈছিলগৈ ঐশ্বৰ্য। সেই কথাই কিন্তু বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছিল নেটিজেনৰ৷

বি-টাউনৰ ‘ট্ৰেণ্ডিং টপিক’ হৈ উঠিছিল ঐশ্বৰ্য-অভিষেকৰ বিবাহ-বিচ্ছেদ। দুয়োৰে ওপৰত চোকা দৃষ্টি ৰাখিছিল পাপাৰাজ্জীয়ে। কিন্তু সংবাদ মাধ্যমত কোনোদিনেই মুখ খোলা নাছিল ঐশ্বৰ্য অথবা অভিষেকে।

২০২৪ বৰ্ষৰ ১৬ নৱেম্বৰত ১৩ বছৰীয়া জন্মদিন আছিল ঐশ্বৰ্য-অভিষেকৰ একমাত্ৰ কন্যা আৰাধ্যাৰ বচ্চনৰ। কিন্তু কন্যাৰ জন্মদিন উদযাপনৰ এখনো ফটোত নাছিল পিতৃ অভিষেক বচ্চন। আনহাতে প্ৰয়াত পিতৃৰ ৭ বছৰীয়া মৃত্যুবাৰ্ষিকীত মাতৃগৃহত উপস্থিত হৈছিলগৈ ঐশ্বৰ্য ৰায়। সেই দিনটোতো ঐশ্বৰ্যৰ কাষত নাছিল অভিষেক বচ্চন। এনে কিছু কাৰণতে তাৰকা দম্পতিৰ মাজত বিবাহ বিচ্চেদৰ জল্পনা-কল্পনা কৰিছিল নেটিজেনে৷ পিছে শেহতীয়াকৈ নেটিজেনৰ ধাৰণা ভুল প্ৰমাণিত কৰিলে ঐশ্বৰ্য-অভিষেকে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ফটোৱে স্পষ্ট কৰিলে নেটিজেনৰ ভুল ধাৰণা। সামাজিক মাধ্যমত ফটোখন শ্বেয়াৰ কৰিছে ইণ্ডিয়ান টেলিভিছন একাডেমীৰ প্ৰতিষ্ঠাপক অনু ৰঞ্জনে।

ঐশ্বৰ্যৰ মাতৃ বৃন্দা ৰায় আৰু অনু ৰঞ্জনৰ সৈতে একেটা ফ্ৰেমতে দেখা গৈছে ঐশ্বৰ্য-অভিষেকক। প’ষ্টৰ শিৰোনামত অনু ৰঞ্জনে লিখিছে SO MUCH LOVE WARMTH. অৰ্থাত ইমান মৰম আৰু ভালপোৱা। এই ফটোখনে হাঁহি বিৰিঙাইছে অনুৰাগীৰ মুখত।

অনু ৰঞ্জনৰ পষ্টটোৱে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে নেটিজেনৰ। ঐশ্বৰ্য-অভিষেকৰ উৰাবাতৰিবোৰ বন্ধ কৰাত যেন সহায় কৰিছে এই পষ্টটোৱে। এই ভুল ধাৰণা স্পষ্ট কৰাত অনু ৰঞ্জনক ধন্যবাদ জনাইছে একাংশই। ঐশ্বৰ্য-অভিষেকক একেলগে দেখি কৃতজ্ঞতা প্ৰকাশ কৰিছে বহুজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...