ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু ডি আই ই টি কামৰূপৰ শৈক্ষিক সহযোগিতা সম্পন্ন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) কামৰূপ মিৰ্জাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাইৰ সৈতে এক শৈক্ষিক সহযোগিতাৰ চুক্তি সম্পন্ন হয়। শিক্ষক শিক্ষা, গৱেষণা আৰু সৃজনীশীল কৰ্মৰ ক্ষেত্ৰত দুয়োখন প্ৰতিষ্ঠানে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত এই বুজাবুজি সম্পন্ন কৰা হৈছে। উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ইয়াৰ গৱেষণামূলক দিশ সম্পৰ্কত এক মাৰ্গদৰ্শন বক্তৃতা প্ৰদান কৰে। তেখেতে কয় যে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কামৰ পৰিসৰ অত্যন্ত বহল আৰু শিক্ষক শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম।এইক্ষেত্ৰত কামৰূপ মিৰ্জাস্থিত ডি আই ই টি বা ডায়েটৰ ভূমিকাক তেখেতে শলাগি কয় যে তেওঁলোকে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সামুহিক দিশবোৰলৈ মনোযোগ দি আগবাঢ়িছে। এইক্ষেত্ৰত ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কত ২৯ জানুৱাৰী,২৫ ত হ’বলগা আলোচনা চক্ৰখনৰ আলোচ্য দিশ সম্পৰ্কতো আলোচনা কৰে। উল্লেখ্য যে উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত বিশ্ববিদ্যালয়খনে সহযোগিতা প্ৰদান কৰিছে। এই আলোচনা চক্ৰখন ভাৰতীয় জ্ঞান পৰম্পৰা আৰু শিক্ষণ প্ৰক্ৰিয়াত সংহতকৰণ বিষয়ত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে শৈক্ষিক বুজাবুজিৰ চুক্তিৰ অনুষ্ঠানত ডি আই ই টি কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড° শেখৰকান্তি সৰকাৰৰ উপস্থিতিত শৈক্ষিক পঞ্জীয়ক ড° অমৰ গৌতমৰ সৈতে স্বাক্ষৰ কৰে। অনুষ্ঠানটোত সন্মানীয় অতিথিসকলে আগন্তুক সময়ত সহযোগিতাৰে কৰিব লগা বিভিন্ন কামৰ আলোকপাত কৰে। ৰাষ্ট্ৰীয় সংগীত আৰু প্ৰশিক্ষাৰ্থী ৰুদ্ৰ চৌধুৰীয়ে পৰিৱেশন কৰা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে ডি আই ই টি কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই। অনুষ্ঠানটো পৰিচালনা কৰে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° শিৰোমণি ভূঞাই। সভাৰ লক্ষ্য উদ্দেশ্য ব্যাখ্যা কৰে গৱেষণা কোষৰ সমন্বয়ক ড° ঝুম্পা দেই। অনুষ্ঠানটোত সমূহ অতিথি, প্ৰশিক্ষাৰ্থীক কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় জ্ঞান প্ৰণালী কোষৰ সমন্বয়ক বিথীকা শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...