ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত জাহিৰ আলী ওৰফে ভূত্তু

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুৰ্ধৰ্ষ জাহিৰ আলী ওৰফে ভূত্তু। ডকাইত বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাবে আহত দুৰ্ধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী ওৰফে ভূত্তু৷ পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা৷ শুকুৰবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবাঠাইতো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা টকা বনোৱা দুটা মেছিন, জালনোট, সোণৰ মূৰ্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰে অন্যতম আছিল জাহিৰ আলী ওৰফে ভুত্তু৷ আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰিছিল। পলায়নৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে আৰু জাহিৰ আলীৰ ভৰিত গুলী লাগে৷ সংকটজনক অৱস্থাত ভুত্তুক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...