অৱসৰ ল’ব হাৰ্দিক পাণ্ডিয়াই!

অৱসৰ ল’ব হাৰ্দিক পাণ্ডিয়াই! হয় আপুনি ঠিকেই শুনিছে। ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ক্ৰিকেটৰ এখন ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা বিবেচনা কৰি আছে। পিঠিৰ আঘাতৰ বাবে out of formত থকা খেলুৱৈজনে ক্ৰিকেটৰ আটাইতকৈ দীঘল ফৰ্মেট টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ চিন্তা-চৰ্চা চলাইছে। ইনচাইড স্পোৰ্টছৰ সংবাদ অনুসৰি BCCIৰ এজন উচ্চ স্তৰৰ বিষয়াৰ মতে হাৰ্ডিকে যোৱা তিনি বছৰত সন্মুখীন হোৱা পিঠিৰ আঘাতৰ বাবে কেৱল টি-২০ আৰু এদিনীয়া ক্ৰিকেটত হে অধিক গুৰুত্ব দিব বিচাৰি আছে আৰু সেইবাবে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ভাবি আছে। হাৰ্দিক পাণ্ডিয়াই শেষবাৰৰ বাবে ২০১৮ চনত ইংলেণ্ডত এখন টেষ্ট মেচ খেলিছিল আৰু তাৰ পিছত হোৱা পিঠিৰ আঘাতৰ বাবে ক্ৰিকেটৰ দীঘল ফৰ্মেটত ভাৰতীয় দলত স্থান পোৱা নাই।

২০১৭ চনত টেষ্টত ক্ৰিকেটত অভিষেক ঘটাইছিল হাৰ্দিকে
পাণ্ডিয়াই বৰ্তমালৈকে ১১খন টেষ্ট মেচ খেলিছে
১১খন টেষ্টত ভাৰতৰ বাবে ৫৩২ ৰাণ আৰু ১৭ উইকেট কৰিছে দখল

অৱশ্যে, হাৰ্দিকে এতিয়ালৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা নাই যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কিন্তু নিৰন্তৰ বিফল প্ৰদৰ্শনে কিছু চিন্তিত কৰিছে ভাৰতীয় দলৰ নিৰ্বাচক আৰু তেওঁৰ অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...