ৰুটি খোৱাৰ উপকাৰিতাসমূহ জানেনে?

শৰীৰ সুস্থ ৰাখিবলৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত মাজে সময়ে ৰুটি খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। গমৰ আটাৰ ৰুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ই আৰু ফচফৰাছ থাকে। আন এবিধ বিশেষ আটাৰ ৰুটিত পোৱা যায় ফাইবাৰ। তদুপৰি তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৰুটিয়ে। হৃদৰোগৰ পৰাও বহু পৰিমাণে আঁতৰাই ৰখাত ৰুটিয়ে সহায় কৰে। আনহাতে, বাজৰাৰ আটাৰ ৰুটিয়ে ওজন কমোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ৰুটিত বহু পৰিমাণে আইৰণ থকাৰ কথাও উল্লেখ কৰে পুষ্টিবিদসকলে। যি নিৰামিষভোজীসকলক প্ৰটিন যোগান ধৰাত বিশেষকৈ সহায়ক হয়। ফছফৰাছ, এণ্টি-অক্সিডেণ্ট, আৰু ভিটামিন বি ছিক্সৰ উপস্থিতিৰ বাবে হজম প্ৰক্ৰিয়াত কাৰ্য কৰে ৰুটিয়ে। কিন্তু ৰুটিত ময়দাৰ সলনি আটাহে বেছিকৈ ব্যৱহাৰ কৰিব লাগে বুলি পুষ্টিবিদসকলে মন্তব্য কৰে। কিয়নো আটা তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াত কোনো গুণাগুণ নষ্ট নহয়। তাৰ সলনি আটাৰ সৈতে বুটৰ গুৰি বা চাটু গুৰি মিহলি কৰি ৰুটি বনালেও ই যথেষ্ট পুষ্টিকৰ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...