ৰুটি খোৱাৰ উপকাৰিতাসমূহ জানেনে?

শৰীৰ সুস্থ ৰাখিবলৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত মাজে সময়ে ৰুটি খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। গমৰ আটাৰ ৰুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ই আৰু ফচফৰাছ থাকে। আন এবিধ বিশেষ আটাৰ ৰুটিত পোৱা যায় ফাইবাৰ। তদুপৰি তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৰুটিয়ে। হৃদৰোগৰ পৰাও বহু পৰিমাণে আঁতৰাই ৰখাত ৰুটিয়ে সহায় কৰে। আনহাতে, বাজৰাৰ আটাৰ ৰুটিয়ে ওজন কমোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ৰুটিত বহু পৰিমাণে আইৰণ থকাৰ কথাও উল্লেখ কৰে পুষ্টিবিদসকলে। যি নিৰামিষভোজীসকলক প্ৰটিন যোগান ধৰাত বিশেষকৈ সহায়ক হয়। ফছফৰাছ, এণ্টি-অক্সিডেণ্ট, আৰু ভিটামিন বি ছিক্সৰ উপস্থিতিৰ বাবে হজম প্ৰক্ৰিয়াত কাৰ্য কৰে ৰুটিয়ে। কিন্তু ৰুটিত ময়দাৰ সলনি আটাহে বেছিকৈ ব্যৱহাৰ কৰিব লাগে বুলি পুষ্টিবিদসকলে মন্তব্য কৰে। কিয়নো আটা তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াত কোনো গুণাগুণ নষ্ট নহয়। তাৰ সলনি আটাৰ সৈতে বুটৰ গুৰি বা চাটু গুৰি মিহলি কৰি ৰুটি বনালেও ই যথেষ্ট পুষ্টিকৰ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...