আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হ’ল অধিৰাজ কাশ্যপ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’

জাৰ্মানীৰ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ল অধিৰাজ কাশ্যপ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’। অধিৰাজ কাশ্যপৰ দ্বাৰা পৰিচালিত ছবিখনত মহাৰাষ্ট্ৰৰ এখন আদিবাসী অধ্যুষিত গাঁৱত কিদৰে জাতিভেদ প্রথা শিপাই আছে আৰু তাৰ বাসিন্দাসকলে কেনেকৈ তাৰ মাজত নিজৰ ঐতিহ্যক ধৰি ৰাখিছে সেই বিষয়ে উপস্থাপন কৰা হৈছে। ২৯ এপ্ৰিল তাৰিখে জাৰ্মানীৰ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন হয় অধিৰাজ কাশ্যপৰ ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’ শীৰ্ষক চুটি ছবিখন। ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই চলচ্চিত্ৰ মহোৎসৱখনিৰ সামৰণি পৰে ১ মে’ত।

ইয়াৰ পূৰ্বেও ২০১৮ চনত ‘ব্রোকেন স্পেক্টৰ’ নামৰ এখন তথ্যচিত্ৰ অধিৰাজে নিৰ্মাণ কৰি উলিয়াইছিল। এই তথ্য চিত্ৰখনত পৱিত্ৰ ৰাভাৰ ‘দাপোন দ্য মিৰৰ’ নামৰ শিল্পীৰ দলটোৰ কাম-কাজক উপস্থাপন কৰা হৈছিল। এই তথ্যচিত্ৰখনেও দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিছিল লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা বুটলিবলৈ সক্ষম হৈছিল ।

চিত্ৰ পৰিচালনাৰ বাহিৰেও অধিৰাজে ইংৰাজী আৰু অসমীয়া সাহিত্যৰো চৰ্চা কৰি আহিছে। জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ বিয়োগৰ পিছত তেওঁৰ ৮টা কবিতাৰ ইংৰাজী অনুবাদ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে। অধিৰাজ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’ শীৰ্ষক চুটি ছবিখনৰ কেমেৰাৰ দায়িত্বত আছে ছেজল কোঠাৰী, সম্পাদনাৰ দায়িত্বত আছে সোমপ্রকাশ চাহু আৰু শব্দত আছে স্নেহা সুন্দৰ। তৰুণ পৰিচালক অধিৰাজ কাশ্যপৰ এই সফলতাই চলচ্চিত্ৰৰ সৈতে জড়িত সকলোৰে লগতে ৰাজ্যবাসীক আনন্দিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...