শ্বেহনাজ গীলৰ পিতৃয়ে যোগ দিলে বিজেপিত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত যোগ দিলে সন্তোষ সিং সুখে। সন্তোষ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিগ বছ ১৩ৰ প্ৰতিযোগী শ্বেহনাজ গীলৰ পিতৃ। আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি আছে। বিভিন্ন ৰাজনৈতিক দলে চল-চাতুৰীৰে অথবা সামাজিক মাধ্যমৰ যোগেদি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। তেনে সময়তে সাংস্কৃতিক জগতৰ জনপ্ৰিয় নাম শ্বেহনাজৰ পিতৃ আহিছে সংবাদ শীৰ্ষলৈ। শ্বেহনাজ আৰু বিগ বছ ১৩ৰ প্ৰতিযোগী সিদ্ধাৰ্থ শুক্লাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হয়। হঠাতে সকলোকে আচম্বিত কৰি অকাল বিয়োগ ঘটিছিল চৰ্চিত প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ। সিদ্ধাৰ্থৰ মৃত্যুৰ পিছত আকৌ এবাৰ চৰ্চিত হৈছিল পঞ্জাৱ মূলৰ এইগৰাকী অভিনেত্ৰীৰ নাম। এইবাৰ পিতৃয়ে গেৰুৱা বসন পৰিধান কৰাৰ পিছতে পুনৰবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে শ্বেহনাজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...