অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়। সেয়ে ৰাজ্যখনত এতিয়াও ‘পকডুৱা বিয়া’ হয়। অর্থাৎ কোনো বিবাহ উপযুক্ত দৰাই চৰকাৰী চাকৰি লাভ কৰা বুলি অৱগত হ’লেই ছোৱালী পক্ষই বলপূর্বক তেওঁলোকৰ বিয়া পাতি দিয়ে। এইখন ৰাজ্যতে অৱস্থিত গাঁও এখনৰ সুন্দৰ-সুঠাম যুৱকে অবিবাহিত হৈয়ে বার্ধক্যক আঁকোৱালি ল’বলগীয়া হৈছে। এই অঞ্চলটোৰ নাম বৰৱা কলা গাঁও। বিহাৰৰ ৰজধানী পাটনাৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈত উক্ত গাঁওখন অৱস্থিত। অবিবাহিত লোকেৰে পৰিপূৰ্ণ হৈ থকা বাবে উক্ত গাঁওখনক ‘কুৱাৰোঁ কা গাঁও’ (অবিবাহিত লোকৰ গাঁও) বুলিও কোৱা হয়। উক্ত গাঁওখনত মাথোঁ পুৰুষকহে দেখিবলৈ পোৱা যায়। উক্ত গাঁওখনৰ পুৰুষৰ মজত কোনো গুণৰ অভাৱ নাই। দেখাই-শুনাই তেওঁলোক সুন্দৰ আৰু বিবাহৰ বাবে তেওঁলোক ব্যায়কুলো। তাৰ পাছতো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ জীয়ৰীক গাঁওখনৰ পুৰুষলৈ বিয়া দিবলৈ আগ্রহী নহয়। বিগত ৫০ বৰ্ষত গাঁওখনত মাথোঁ এখনহে বিয়া অনুষ্ঠিত হৈছে। এনে অৱস্থাত গাঁওখনৰ পুৰুষসকলে মহিলা অবিহনেই জীৱন কটাবলৈ বাধ্য হৈছে। দৰাচলতে চৰকাৰৰ গাফিলতিৰ বাবেই কোনো পৰিয়ালে তেওঁলোকৰ জীয়ৰীক গাঁওখনলৈ বিয়া দি উলিয়াই দিব নিবিচাৰে। সাম্প্রতিক কালত বিজ্ঞান-প্রযুক্তিয়ে দেশৰ ভিতৰুৱা গ্রামীণ অঞ্চলকো স্পৰ্শ কৰাৰ সময়ত উক্ত গাঁওখন মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। গাঁওখনত এতিয়াও বিশুদ্ধ খোৱাপানীৰ কোনো ব্যৱস্থা গঢ় লৈ উঠা নাই। গাঁওখনৰ ৰাস্তা- ঘাট নাই বুলিবই পাৰি। পথৰুৱা আলিসদৃশ বাটেৰে গঞাই বোকা-পানী গচকি আহ-যাহ কৰিব লাগে। গাঁওখনলৈ এতিয়াও বিদ্যুৎ যোগান ব্যৱস্থা সম্প্ৰসাৰিত হোৱা নাই। বেলি ডুবিলেই গাঁওখনৰ প্ৰায় সকলো পৰিয়ালে খাই-বৈ শুই পৰে। উক্ত গাঁওখনত মোবাইলৰ নেটৱর্কো পোৱা নাযায়। এনেবোৰ কাৰণতে গাঁওখনৰ কোনো যুৱকলৈ কোনেও নিজৰ ছোৱালী বিয়া দিব নিবিচাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...