আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে চলিত বর্ষটোত বহু লোকে কর্মসংস্থান হেৰুওৱাৰ আংশকা প্রবল হৈ পৰিছে। আমেৰিকাত এমাজন, বোয়িং আৰু স্পিৰিট এয়াৰলাইঞ্চৰ দৰে প্রধান কোম্পানীসমূহে কৰ্মচাৰীক ছাটাই কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ বৰ্ষটো উক্ত ছাটাই প্রক্রিয়া অব্যাহত থাকিব। এক প্রতিবেদন অনুসৰি ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক কালৰ পৰাই আমেৰিকাত কৰ্মসংস্থানৰ প্ৰতি ভাবুকি সৃষ্টি হ’বলৈ ধৰিছে। ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষত বিমান আৰু বিভিন্ন উদ্যোগ ছাটাই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। প্রতিবেদনৰ তথ্য মতে ২০২৪ বৰ্ষ নৱেম্বৰ মাহত ৫৭,৭২৭ জন লোকক ছাটাই কৰা হৈছে। অক্টোবৰ মাহৰ তুলনাত এয়া হৈছে ৩.৮ শতাংশ বৃদ্ধি।

Popular

More like this
Related

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত ইউটিউবাৰ

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছ’চিয়েল...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৫১জন

বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৫১গৰাকীৰ। দলঙৰ ৰেলিঙত খুন্দা...

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী।...

তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।...